নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অদমনীয় টীম ইণ্ডিয়া : শ্ৰীলংকাৰ পিছত নিউজিলেণ্ডৰ বিপক্ষে শংখলা দখল ৰোহিত বাহিনীৰ

বিশেষ বাৰ্তা, ২১ জানুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল কৰিলে ভাৰতে৷ আজি অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতে ৮ উইকেটত পৰাস্ত কৰে আলহী দল নিউজিলেণ্ডক৷ মাত্র দুটা উইকেট হেৰুৱাই  বিজয় লক্ষ্যত উপনীত হয় ৰোহিত বাহিনী৷  প্রথমে বলিং কৰি ৰায়পুৰত মহম্মদ ছামিয়ে তাণ্ডৱ সৃষ্টি কৰে৷ তেওঁ ৬ অভাৰ বলিং কৰি ১৮ ৰানত বিপক্ষৰ তিনিটা উইকেট দখল কৰে৷ ভাৰতীয় পেচাৰৰ বিধ্বংসী বলিঙৰ সন্মুখত নিউজিলেণ্ডে ৩৪.৩ অভাৰত ১০৮ ৰানতে ইনিংছ সামৰে৷ ভাৰতৰ বিপক্ষে এয়া নিউজিলেণ্ডৰ তৃতীয় সর্বনিম্ন স্ক’ৰ৷ প্রত্যুত্তৰত ভাৰতে মাত্র ২০.১ অভাৰতে দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়৷ বেট হাতত লৈ পুনৰ ছন্দলৈ উভতি আহে ৰোহিত৷ প্রথমখন মেচত সুন্দৰ আৰম্ভণি কৰিও অর্ধশতৰানৰ পৰা ব্যর্থ হোৱা ৰোহিতে আজি ৪৭টা বলত অর্ধশতৰান পূর্ণ কৰে৷ টছত জয়লাভ কৰি বলিং সহায়ক পিটচত প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৰোহিত শর্মাই৷ মাত্র ১৫ ৰানৰ ভিতৰতে ৫টা উইকেট হেৰুৱায় দলটোৱে৷ গ্লেন ফিলিপছে সর্বাধিক ৩৬, মিচেল ছাণ্টনাৰে ২৭ আৰু ব্রেছৱেলে ২২ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত সাৱধানে ইনিংছ আৰম্ভ কৰি ৰোহিত আৰু পূর্বৰ মেচৰ নায়ক শুভমন গীলে দলক বিজয়ৰ দুৱাৰডলিত উপনীত কৰায়৷ গীলে অপৰাজিত ৪০ ৰান সংগ্রহ কৰে৷

You might also like