নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনালোকৰ মৰম-সন্মান ১০০০ স্বৰ্ণপদকতকৈও অধিক : ভিনেশ ফ’গাট

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ আগষ্টঃ পেৰিছৰ পৰা দিল্লীলৈ উভতি আহিছে ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেশ ফ’গাট। উভতিয়ে তেওঁ কয় যে মই যি মৰম আৰু সন্মান লাভ কৰিছো সেয়া ১০০০ স্বৰ্ণ পদকতকৈও অধিক। আজি পেৰিছৰ পৰা উভতি আহিছে ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেশ। দিল্লী পোৱাৰ লগে লগে ভিনেশক উষ্ম আদৰণি জনোৱা হয়। অনুৰাগীৰ উপৰি তেওঁৰ সকলো সতীৰ্থ মল্লযুঁজাৰুৱেও তেওঁক আদৰণি জনাই দিল্লী বিমানবন্দৰত উপস্থিত হয়। ভাৰতলৈ উভতি অহাৰ পিছত প্ৰথমবাৰৰ বাবে ভিনেশ ফ’গাটে সোণৰ পদকৰ কথা কয়। পিটিআইৰ এটা ভিডিঅ’ত ভিনেশে কয় যে “তেওঁলোকে মোক সোণৰ পদক নিদিলেও ইয়াৰ মানুহে দিলে। মই যি মৰম আৰু সন্মান পাইছো সেয়া হৈছে ১০০০ সোণৰ পদকতকৈও অধিক।” উল্লেখ্য যে ভিনেশ ফ’গাটক ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। ভিনেশে ৫০ কেজি ওজন শাখাৰ মল্লযুঁজত অংশগ্ৰহণ কৰিছিল। সকলোকে পৰাস্ত কৰি তেওঁ ফাইনেলত প্ৰৱেশ কৰে। কিন্তু চূড়ান্ত খেলৰ পূৰ্বে ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। ইয়াৰ পিছত ভিনেশে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)ত ৰূপৰ পদক বিচাৰি আবেদন জনাইছিল। অৱশ্যে ভিনেশৰ প্ৰস্তাৱ নাকচ কৰে CAS-এ।

You might also like