আপুনি দুপৰীয়া শোৱেনে? কি কয় বিশেষজ্ঞই…
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ দুপৰীয়া প্ৰায়ভাগ লোকে শুই ভাল পায়। বিশেষকৈ দুপৰীয়া আহাৰ খোৱাৰ পিছত বহুলোকে এপলক শোৱে। কিন্তু বাস্তৱত দুপৰীয়া শোৱাটো উচিত নে?
এই সন্দৰ্ভত এক গৱেষণা হৈছিল। গৱেষণা কৰি পোৱা গৈছিল যে যে যদি আপোনাৰ বয়স ৬০ বছৰ তেতিয়া দুপৰীয়া ২ ঘণ্টা টোপনি যোৱা বহুত প্ৰয়োজন। ই আপোনাৰ মানসিক স্বাস্থ্য ভালে ৰাখে।
২২১৪জন লোকৰ মাজত এই সমীক্ষা কৰা হৈছিল। সমীক্ষাটোত ১৫২৪ জন লোকে দুপৰীয়া শোৱাৰ বিপৰীতে ৬৮০ জন লোকে দুপৰীয়া নুশুইছিল।
দুয়োপক্ষই ৰাতি ৮.৫ ঘণ্টা শুইছিল। যি লোকে দুপৰীয়া শোৱা নাছিল তেওঁলোকৰ নিজৰ মগজুৱে আৰাম কৰিবলৈ সময় পোৱা নাছিল আৰু দেখা গৈছিল ভাগৰে আগুৰি ধৰা ।
বিশেষজ্ঞসকলে দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈকে শুবলৈ পৰামৰ্শ দিছে। সপ্তাহত তিনি দিন দুপৰীয়া শুবলৈ পৰামৰ্শ প্ৰদান কৰিছে।
যি সকল লোকে কাৰ্যালয়ত, বিদ্যালয়ত আৰু কলেজত শুব নোৱাৰে। সেই সকলক অলপ সময় শুবলৈ পৰামৰ্শ দিছে। গৱেষকসকলে দিনত অলপ সময় নিজৰ মগজুটো আৰাম কৰিবলৈ অলপ সময় কমকৈ শুবলৈ পৰামৰ্শ দিছে। মনটো কামত লাগিব আৰু মানসিক স্বাস্থ্যও ভাল হ’ব।