বহু নিশালৈ মবাইল-লেপটপত ব্যস্ত থাকিলে বঞ্চিত হ’ব পাৰে পিতৃত্ব লাভৰ পৰা…
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ ডিজিটেল মাধ্য়মৰ বহুল প্ৰচাৰৰ পিছত বহু লোকৰে ৰাতি দেৰিলৈকে ফোনত অথবা লেপটপত কিবা নহয় কিবা চাই থকাৰ অভ্যাস সৃষ্টি হৈছে আছে। কিন্তু এনে অভ্যাস পুৰুষৰ বাবে হানিকাৰক হ’ব পাৰে। এক নতুন অধ্যয়নৰ মতে ফোনৰ পৰা ওলোৱা ব্লু লাইটে পুৰুষৰ শুক্ৰাণুৰ মান বেয়া কৰিব পাৰে।
এই অধ্যয়ন আমেৰিকাৰ ভাৰ্ছুৱেল স্বলীপ পত্ৰিকাত প্ৰকাশ পাইছে। অধ্যয়নটোত গৱেষকসকলে ২১ৰ পৰা ৫৯ বছৰৰ ১১৬ জন পুৰুষৰ শুক্ৰাণুৰ নমুনা সংগ্ৰহ কৰে। এইসকল পুৰুষে পুৰুষত্বহীনতাত ভুগিছিল। তেওঁলোকক টোপনি আৰু ইলেকট্ৰনিক সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত কেইবাটাও প্ৰশ্ন সুধিছিল।
বহুখিনি দিশ অধ্যয়নৰ পিছত গৱেষক দলটোৱে প্ৰকাশ কৰিছিল যে ৰাতি দেৰিলৈকে ম’বাইল অথবা লেপটপত কাম কৰাৰ বাবে তাৰ পৰা নিগৰিত পোহৰে তেওঁলোকৰ শুক্ৰাণুৰ গুণাগুণ বেয়া কৰিছে।
অধ্যয়নটোত কোৱা হৈছে যে ইলেকট্ৰনিক আৰু ডিজিটেল মিডিয়াৰ উপকৰণে পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায়। অধ্যয়নৰ মতে স্মাৰ্ট ফোন আৰু টেবলেটৰ পৰা ওলোৱা পোহৰে শুক্ৰাণুৰ গতিশীলতাতো প্ৰভাৱ পেলায়।
ইয়াৰ অৰ্থ এইটোৱে যে যি পুৰুষে সময়ত শোৱে আৰু টোপনি ভাল হয়, তেওঁলোকৰ শুক্ৰাণুৰ গতিশীলতা ভাল হয়। অধ্যয়নৰ মতে স্মাৰ্টফোনৰ ৰেডিয়েচনে ডিএনএত আঘাত হানে, যাৰ বাবে কোষসমূহে নিজস্ব ক্ষমতা হেৰুৱাবলৈ ধৰে।