নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰোনাৰ টিকাকৰণৰ পিছত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব লাগে নে? কি কয় বিশেষজ্ঞই…

কৰোনা ভাইৰাছৰ ভেকচিন লগোৱাৰ পিছত কি কৰিব লাগে আৰু কি কৰিব নালাগে এই সন্দৰ্ভত ব্যাপক চৰ্চা চলি আছে। ছ’চিয়েল মিডিয়াতো ভেকচিনক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছে। ইয়াৰ ভিতৰত এটা প্ৰশ্ন হৈছে ভেকচিন লোৱাৰ পিছক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব লাগে নে নালাগে।

স্বাস্থ্য মন্ত্ৰালয়ে এই সন্দৰ্ভত বিশেষ নীতি নিৰ্দেশনা জাৰি কৰা নাই যদিও শাৰীৰিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত স্বাস্থ্য বিশেষজ্ঞ সকলে কিছু সাৱধনতা অৱলম্বন কৰিবলৈ পৰমাৰ্শ প্ৰদান কৰিছে।

বিশেষজ্ঞ সকলৰ মতে পুৰুষ আৰু মহিলাই ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পিছত পৰিয়াল পৰিকল্পনাৰ কথা বাদ দি নিৰোধক ব্যৱহাৰ কৰিব লাগে।

কলম্বিয়া এচিয়া হাস্পিতালৰ মেডিচিন বিশেষজ্ঞ ড০ দীপক বৰ্মাই ইণ্ডিয়ান এক্সপ্ৰেছক জানিবলৈ দিয়ে যে এতিয়া কোৱাটো বহুত সোনকাল হ’ব কাৰণ ভেকচিনৰ কিবা পাশ্বক্ৰিয়া হ’ব নেকি নে শাৰীৰিক সম্পৰ্ক কৰাৰ পিছত ইয়াৰ প্ৰতিক্ৰিয়া হ’ব। ভেকচিন ললেও শাৰীৰিক সম্পৰ্ক কৰিবই গতিকে সুৰক্ষিত শাৰীৰিক সম্পৰ্কই উত্তম উপায়।

বিশেষজ্ঞজনে লগতে জানিবলৈ দিয়ে যে ভেকচিন লোৱাৰ দুই বা তিনি সপ্তাহৰ লৈকে শাৰীৰিক সম্পৰ্ক কৰোতে গৰ্ভনিৰোধক ব্য়ৱহাৰ কৰিব লাগে।

ড০ দীপৰ বৰ্মাই পুনৰ কয় যে মহিলাই ভেকচিন লোৱাৰ আগতে স্ত্ৰীৰোগ বিশেষজ্ঞৰ লগত পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

আনহাতে চৰকাৰৰ তৰফৰ পৰা গৰ্ভৱতী অথবা গাখীৰ খাই থকা শিশুৰ মাতৃক ভেকচিন নলবলৈ পৰামৰ্শ প্ৰদান কৰিছে। ইফালে বিশেষজ্ঞ সকলে জানিবলৈ দিছে যে টিকাকৰণ হোৱাৰ পিছত ৩-৬ মাহ লৈকে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নালাগে।

You might also like