নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঁয়াজ নহয় পিঁয়াজৰ বাকলিৰো আছে , ৫টা বিশেষ গুণ

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ  ভাৰতীয় ৰন্ধন প্ৰণালীত পিঁয়াজ লাগিবই। পিঁয়াজ নোহোৱাকৈ কোনো খাদ্যই সম্ভৱ নহয়। কিন্তু আমি পিঁয়াজহে ব্যৱহাৰ কৰো, বাকলি ব্যৱহাৰ নকৰো। আপুনি জানি আচৰিত হ’ব যে পিঁয়াজৰ বাকলি আমাৰ স্বাস্থ্য আৰু ছালৰ বাবে খুবেই উপযোগী।

জানো আহক পিঁয়াজৰ বাকলিৰ উপযোগিতাঃ

মুখৰ এলাৰ্জীৰ পৰা ৰক্ষাঃ মুখৰ এলাৰ্জীৰ পৰা বাচিবলৈ পিঁয়াজৰ বাকলি গোটেই ৰাতি পানীত ডুবাই থব লাগে আৰু ৰাতিপুৱা সেই পানীৰে মুখ ধুব । এনেদৰে কেইদিনমান কৰিলে আপুনি নিজেই পৰিৱৰ্তন অনুভৱ কৰিব।

মুখত থকা দাগ আঁতৰ হোৱাত সহায় কৰেঃ সাধাৰণতে মুখত থকা দাগ আঁতৰ কৰিবলৈ বিভিন্নজনে ক্ৰীম ব্য়ৱহাৰ কৰে, কিন্তু তাৰ সলনি পিঁয়াজৰ বাকলি পেষ্ট বনাই মুখত লগাওক। এই পেষ্টে মুখত থকা দাগসমূহ পৰিষ্কাৰ কৰে।

ডিঙিৰ বাবে উপযোগীঃ কেতিয়াবা স্বৰভংগ হ’লে পিঁয়াজৰ বাকলি গৰম পানীত উতলাই ঠাণ্ডা কৰি খাব লাগে। আনহাতে ডিঙি সম্বন্ধিত যিকোনো সমস্যাৰ পৰা মুক্তি পাবলৈ পিঁয়াজৰ বাকলি এনেদৰে ব্যৱহাৰ কৰিব লাগে।

কলেষ্টৰল কম কৰেঃ পিঁয়াজৰ বাকলি গোটেই ৰাতি পানীত ডুবাই থব লাগে আৰু ৰাতিপুৱা সেই পানী খাব লাগে। সেই পানীৰ সোৱাদ বেয়া যদিও ভাল কৰিবলৈ মৌ মিলাই খাব পাৰে। এনেদৰে খালে কলষ্টৰল কম হয়।

খজুৱতি দূৰ কৰেঃ শৰীৰৰ কোনো অংশত যদি খজুৱতি হয় তেতিয়া পিঁয়াজৰ বাকলি খুবেই লাভদায়ক, য’ত খজুৱতি হৈছে পিঁয়াজৰ বাকলিৰে চাফা কৰিব লাগে। এনে কৰিলে খজুৱতি কম হয়।

You might also like