নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা টুইটৰ দাম ২১ কোটি টকাঃ কিনিলে মালয়েছিয়াৰ লোকে

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ টুইট বাৰু বিক্ৰী কৰিব পাৰি নেকি? ইয়াৰ উত্তৰটো হৈছে ‘হয়’। কিন্তু এই টুইটটো এটা সাধাৰণ টুইট নহয়।

ছ’চিয়েল মিডিয়াত টুইটাৰৰ জনক জেক ডৰ্চিয়ে কৰা এইটো বিশ্বৰ প্ৰথমটো টুইট। গতিকে নিলামত ইয়াৰ মূল্যই আকাশ চুইছে। টুইটটো বিক্ৰীমূল্য হৈছে ২.৯ নিযুত আমেৰিকান ডলাৰ। ভাৰতীয় মুদ্ৰাত যি প্ৰায় ২১ কোটি টকা।

বি বি চিৰ প্ৰতিবেদন অনুসৰি, বিশ্বৰ এই প্ৰথম টুইটটো কিনিছে মালয়েছিয়াৰ ব্ৰীজ অৰাকল ফাৰ্মৰ মুখ্য কাৰ্যবাহী চিনা এষ্টভিয়ে। নিলামত ক্ৰয় কৰে তেওঁ । জেক ডৰ্চিয়ে ২০০৬ চনৰ ২১ মাৰ্চত টুইটটো কৰিছিল। সেই টুইটত তেওঁ লিখিছিল, ‘just setting up my twttr। ‘

জেক ডৰ্চিয়ে দানৰ বাবে পুঁজিৰ প্ৰয়োজন অনুভৱ কৰি তেওঁৰ প্ৰথম টুইটটো নিলাম কৰিছিল।

আনহাতে নিলামত কিনি এষ্টভিয়ে টুইটটোক লিঅ’নাৰ্ডো ভিঞ্চিৰ অমৰ সৃষ্টি মনালিছাৰ সৈতে তুলনা কৰিছিল। এষ্টভিয়ে কয়- ‘মই ভাবো মানুহে মনালিছাৰ দৰে বহু বছৰৰ পিছত এই টুইটটোৰ প্ৰকৃত মূল্য বুজিব।’

You might also like