নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিনত ১০০ গ্ৰামকৈ খাওক চকলেটঃ হ্ৰাস পাব মৃত্যুৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ বিশেষজ্ঞসকলৰ মতে, দিনে প্ৰায় ১০০ গ্ৰাম চকলেট খোৱাৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস হয়। ৰোগীসকলৰ ক্ষেত্ৰতো সুফল পোৱা যায়।

অলপতে ব্রিটিছ মেডিকেল জার্নেল গ্রুপৰ “হাৰ্ট” নামৰ এখন আলোচনীত প্ৰকাশিত এই গৱেষণাই যথেষ্ট সঁহাৰি লাভ কৰিছে। আনহাতে ‘ডাৰ্ক চকলেট’ৰ কিছুমান স্বাস্থ্য লাভালাভ দীৰ্ঘদিন ধৰি আলোচনা কৰি অহা হৈছে যদিও নতুন অধ্যয়নত দেখা গৈছে যে গাখীৰৰ চকলেটসমূহৰ পৰাও প্ৰায় একেই লাভালাভ হয়।

লগতে পঢ়কঃ  যৌন জীৱনৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে সুস্বাস্থ্যৰঃ গৱেষণা

স্কটলেণ্ডৰ এবাৰ্ডিন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ১২ বছৰৰ অধিক সময়ৰ ২১,০০০ লোকৰ ওপৰত চকলেটৰ প্ৰভাৱৰ ওপৰত অধ্যয়নটো কৰিছিল। ইয়াত দেখা গৈছিল যে নিয়মীয়াকৈ ১০০ গ্ৰাম চকলেট খোৱাৰ ফলত হৃদৰোগৰ ফলত মৃত্যু হোৱাৰ আশংকা প্ৰায় ২৫ শতাংশ হ্ৰাস হয়। একে সময়তে, ষ্ট্ৰোকৰ বিপদাশংকাও প্ৰায় ২৩ শতাংশ হ্ৰাস হয়।

লগতে পঢ়কঃ বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা মানেই ধৰ্ষণ নুবুজায়

আনহাতে চকলেট খালে যে স্বাস্থ্য ভাল থাকে, সেই সম্পৰ্কে চিকিৎসকসকলৰ সৈতেও কোনো দ্বিমত নাই। কিন্তু বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে আপুনি পাৰ্শ্বক্ৰিয়াসমূহৰ ওপৰত বিবেচনা কৰি চকলেটৰ ওপৰতে কেৱল অন্ধভাৱে নিৰ্ভৰ নকৰে যেন।

You might also like