নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা মানেই ধৰ্ষণ নুবুজায়

নিয়মীয়া বাৰ্তা ১৭ ডিচেম্বৰঃ  বিয়াৰ প্ৰতিশ্ৰুতি দি সহবাস কৰাৰ অৰ্থ এতিয়াৰে পৰা ধৰ্ষণ নহয়। দীৰ্ঘদিন ধৰি কোনো মহিলাই নিজৰ ইচ্ছাৰে পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেও ধৰ্ষণ বুলি বিবেচিত নহব। বুধবাৰে এই ৰায় দান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে এক ঘটনাৰ আলম লৈ এই ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে। এজন ব্যক্তিৰ বিৰোধে ধৰ্ষণৰ অভিযোগ কৰিছিল এগৰাকী মহিলাই। অভিযোগ মতে বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল মহিলা গৰাকীৰ সৈতে । ২০০৮ৰ পৰা ২০১৫ লৈকে মহিলাগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। পিছত পুৰুষজনে অন্যএগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। যাৰ পৰিপেক্ষিতত মহিলাগৰাকী আদালতৰ কাষ চাপিবলৈ বাধ্য হয়।

আদালতে কয় যে কেতিয়বা বিয়াৰ প্ৰতিশ্ৰুতি দি ইচ্ছাৰ বিৰোধে যদি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা হয় আৰু মহিলাগৰাকী সহমত নহয় আৰু বাৰে বাৰে এনেধৰণৰ কাৰ্য কৰা হয় বিয়াৰ মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি ।তেতিয়া ভাৰতীয় দণ্ডবিধি অনুসৰি ৩৭৫ অনুচ্ছেদ মতে ইয়াক ধৰ্ষণ ৰূপে গণ্য কৰা হ’ব। কিন্তু বিশেষকৈ যদি পুৰুষ আৰু মহিলাৰ দুয়োৰে মাজত সন্মতি সপক্ষে শাৰীৰিক সম্পৰ্ক স্থাপন হয় তাক ধৰ্ষণ বুলিব নোৱাৰি।

দিল্লী উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি কয় যে দুয়োৰে সন্মতি সপক্ষে শাৰীৰিক সম্পৰ্ক স্থাপন হৈছে গতিকে ইয়াক ধৰ্ষণ নুবুজায়।

You might also like