নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰকৃতিৰ প্ৰতিশোধ!ধ্বংসৰ মুখত ৩০০০ বছৰ পুৰণি এখন প্ৰাচুৰ্যময় চহৰ

υ

[contact-form][contact-field label=”Name” type=”name” required=”true” /][contact-field label=”Email” type=”email” required=”true” /][contact-field label=”Website” type=”url” /][contact-field label=”Message” type=”textarea” /][/contact-form]

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ ইটালীৰ এখন ৩,০০০ বছৰ পুৰণি চহৰ আজি ধ্বংসস্তূপত পৰিছে। প্ৰকৃতিৰ ৰুদ্ৰৰূপে আজি এই চহৰখন ধ্বংস কৰি আছে ক্ৰমশঃ। এতিয়া এই চহৰখনক ‘ডায়িং টাউন’ বুলি কোৱা হয়। যাৰ অৰ্থ হৈছে ‘মৰণশীল চহৰ’।

চহৰখন এতিয়া প্ৰকৃতিৰ ৰুদ্ৰ-ৰোষত পৰি ইয়াৰ পূৰ্বৰ আকাৰৰ তুলনাত মাত্ৰ এক তৃতীয়াংশহে বাকী ৰৈছে। নিৰন্তৰ ভূমিস্খলনৰ ফলত ৩,০০০ বছৰ পুৰণি চহৰখন এতিয়া ধ্বংসৰ পথত। চহৰখন এখন পাহাৰৰ মূৰত অৱস্থিত। ইয়াত এতিয়া বাসিন্দাসকলে ইউনেস্কোক তেওঁলোকৰ ঘৰবোৰ বচাবলৈ শেষ মুহূৰ্তত চেষ্টা কৰিবলৈ আহ্বান জনাইছে, আনকি তেওঁলোকে ঠাই এৰি গ’লেও ইটালীৰ এই ঐতিহাসিক চহৰখন যেন বচাবলৈ চেষ্টা কৰে।

ইটালীৰ এই পুৰণি চহৰখনৰ নাম চিভিটা। মাত্ৰ কেইশ বছৰমান আগতে চহৰখন বিভিন্ন পথৰ জৰিয়তে আন প্ৰদেশৰ সৈতে সংযুক্ত আছিল, কিন্তু সঘনাই ভূমিস্খলন, ভূমিকম্পৰ ফলত চহৰখন সংকুচিত হ’বলৈ ধৰে আৰু আজিৰ তাৰিখত আন প্ৰদেশসমূহৰ সৈতে যোগাযোগ বন্ধ হৈ পৰিছে।

মানুহবোৰৰো প্ৰায়সংখ্যকে চহৰখন এৰিবলৈ ধৰিছে। দেশখনৰ এগৰাকী ভূতাত্ত্বিক লুকা কোষ্টাণ্টিনিৰ মতে, নিৰন্তৰ ভূমিকম্প, ভূমিস্খলনৰ বাবে চিভিটা চহৰ এতিয়া অতি সৰু হৈ পৰিছে। এতিয়া এই চহৰখনত এটা চাৰিআলি আৰু কেইটামান পথ বাকী আছে। আৰু কেইটামান ঘৰ আৰু গীৰ্জা আছে।

চহৰখন বচাবলৈও চেষ্টা চলাই থকা হৈছে। ভূমিস্খলনৰ পৰা সকাহ পাবলৈ নানা পথ অৱলম্বন কৰা হৈছে। ৰোমান যুগৰ এই প্ৰাচুৰ্যময় চহৰখনে মধ্যযুগ পাৰ হৈ এতিয়া আধুনিক যুগত যেন অস্তিত্ব ৰক্ষাৰ বাবে শেষ উশাহ লৈ আছে।

You might also like