কৰোনাৰ পৰা আৰোগ্য হোৱাৰ পিছত কি কি খাদ্য খাব লাগে…
নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ দেশত কৰোনা সংকতে জুৰুলা কৰিছে। পৰিস্থিতি এনে হৈছে চিকিৎসালয়ত বিচনা আৰু অক্সিজেনৰ অভাৱৰ মাজত মানুহবোৰ ঘৰতে থাকি আৰোগ্য হ’ব লগীয়া গৈছে।
কৰোনা সংক্ৰমণৰ ফলত ৰোগীৰ পুষ্টিৰ অভাৱ, ওজন হ্ৰাস, ভাগৰ, মূৰ ঘূৰোৱা আৰু জ্বৰ হয়। ৰোগীসকলে কৰোনাৰ পৰা মুক্ত পালেও শৰীৰৰ দুৰ্বলতা আঁতৰাবলৈ সময় লাগে।
এনে কিছুমান খাদ্য আছে যি কৰোনাত আক্ৰান্তৰ পৰা আৰোগ্য হোৱাৰ পিছত গ্ৰহণ কৰিব লাগে।
প্ৰ’টিন উৎস– কৰোনা সংক্ৰমণৰ পৰা আৰোগ্য হোৱাৰ পিছত শৰীৰক পুনৰ শক্তিশালী আৰু সক্ৰিয় কৰাৰ বাবে প্ৰ’টিন বহুত প্ৰয়োজনীয়। মাহ জাতীয় শস্য, বাদাম, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰ পৰাই প্ৰ’টিন লাভ কৰে । ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰত প্ৰ’টিন অন্তৰ্ভুক্ত কৰিব লাগে।
সেউজীয়া পাচলি আৰু ফলঃ কৰোনাৰ পৰা আৰোগ্য লাভ কৰাৰ সময়ত, আমি আমাৰ খাদ্যত সেউজীয়া পাচলি আৰু ফল অন্তৰ্ভুক্ত কৰিব লাগে। ই আমাৰ শৰীৰক অত্যাৱশ্যকীয় ভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু খনিজ প্ৰদান কৰে। যি আমাৰ শৰীৰক পুনৰ সক্ৰিয় কৰি তোলে। শৰীৰৰ বাবে কাৰ্বোহাইড্ৰেটঅতি গুৰুত্বপূৰ্ণ, যাৰ অভাৱ ব্ৰেডৰ পৰা দূৰ কৰিব পাৰি।
এক চামুচ দেশী ঘিউ অতি গুৰুত্বপূৰ্ণঃ আৰোগ্য হোৱাৰ সময়ত শৰীৰক যথেষ্ট পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়, কিন্তু যদি প্ৰতিদিনে এই খাদ্যত এক চাহ চামুচ দেশী ঘিউ যোগ দিয়া হয়, ই আমাৰ শৰীৰক যথেষ্ট উপকৃত কৰে। ঘিউ খোৱাটোৱে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি নকৰে কিন্তু লগতে আমাৰ হজম উন্নত কৰে আৰু শৰীৰ শক্তিশালী কৰে।