নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলৰ আকাশত ইঞ্জিনিউটিৰ তৃতীয়টো উৰণ

নিয়মীয়া বাৰ্তা, ২৭ এপ্রিলঃ মঙলৰ বুকুত আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ ৰ’ভাৰ পাৰছিভাৰেন্সে বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলাই থকাৰ সময়তে এতিয়া ইঞ্জিনিউটী হেলিকপ্টাৰে ৰঙা গ্রহটোত উৰণেৰে গঢ়িছে অভিলেখ৷

তৃতীয়টো সফল উৰণ ড্রোন হেলিকপ্টাৰ ইঞ্জিনিউটিয়ে কালি সফলতাৰে সম্পন্ন কৰিছে মঙলৰ  আকাশত৷ প্রায় ৮০ ছেকেণ্ড সময়ত ইঞ্জিনিউটিয়ে ৫ মিটাৰ উচ্চতাৰে ৫০ মিটাৰ দূৰত্ব অতিক্রম কৰে এই তৃতীয়টো উৰণত৷

ইয়াৰ পাছতে যাত্রাস্থলীলৈ পুনৰ উভতি আহে ক্ষুদ্র হেলিকপ্টাৰখন। ইতিমধ্যে ইয়াৰ আলোকচিত্র তথা ভিডিঅ’ পাৰছিভাৰেন্স ৰ’ভাৰে পৃথিৱীলৈ প্রেৰণ কৰিছে৷ লগে লগে মহাকাশ গৱেষণা সংস্থা নাছাই এই ভিডিঅ’ আৰু ছবি মুকলি কৰি দিছে৷

লক্ষণীয়ভাৱে মংগলৰ আকাশত হেলিকপ্টাৰ উৰুওৱা ঘটনাক ঐতিহাসিক আখ্যা দিছে নাছাই৷ কোনোদিনে মহাকাশ গৱেষণা সংস্থাটোৱে মঙলৰ আকাশত এনেদৰে হেলিকপ্টাৰ উৰুওৱাটো সম্ভৱ হ’ব বুলি কল্পনা কৰা নাছিল৷

You might also like