নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মার্মেইড’ প্রজাতিৰ উদ্ভিদ আৱিষ্কাৰ

ভাৰতীয় বিজ্ঞানীসকলে ভাৰতৰ আন্দামান দ্বীপপুঞ্জত ‘মার্মেইড’ নামৰ এটা নতুন উদ্ভিদৰ প্রজাতি আৱিষ্কাৰ কৰিছে৷ জীৱ বিজ্ঞানীসকলে ২০১৯ চনত দ্বীপটো ভ্রমণ কৰা সময়ত এটা সামুদ্রিক সেউজীয়া শেলাই বিচাৰি পাইছিল৷

বিজ্ঞানীসকলে শেলাই চিনাক্ত কৰিবলৈ প্রায় দুবছৰ সময় লাগিল৷ বিজ্ঞানীসকলে কৈছে যে চাৰি দশকৰ ভিতৰত দ্বীপসমূহত প্রথম নতুন শেলাইৰ আৱিষ্কাৰ হৈছে৷ নতুনকৈ আৱিষ্কৃত প্রজাতিটো ইমানে আকর্ষণীয় যে ইয়াত নতুন ডিজাইনৰ টুপী আছে৷ যেন জলপৰীৰ ছাতিহে৷ নতুনকৈ আৱিষ্কৃত প্রজাতিটোৰ মুখ্য বৈশিষ্ট্য হ’ল উদ্ভিদটো এটা নিউক্লিয়াছৰ সৈতে এক বিশাল কোষেৰে গঠিত৷

You might also like