নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছবি নিৰ্মাতা, অনাতাঁৰ শিল্পী, মিচিং লোক-সংস্কৃতিৰ সাধক গজেন পাংগিঙক ডক্টৰেট ডিগ্ৰী প্ৰদান

শান্তি আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে ভাৰত ভাৰ্চুৱেল ইউনিভাৰ্চিটিৰ ডক্টৰেট ডিগ্ৰী প্ৰদান

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ যোৱা ২ অক্টোবৰত বাংগালুৰুস্থিত গুড ছাফায়ার্ড ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত ভাৰ্চুৱেল ইউনিভাৰ্চিটিৰ দীক্ষান্ত সমাৰোহত ছবি নিৰ্মাতা, অনাতাঁৰ শিল্পী, মিচিং লোক-সংস্কৃতিৰ সাধক গজেন পাংগিঙক শান্তি আৰু শিক্ষা ক্ষেত্ৰত আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।

উল্লেখ্য যে ডিব্ৰুগড়ৰ নতুন নিৰ্মালী গাঁৱৰ বাসিন্দা মিচিং লোক-সংস্কৃতিৰ সাধক গজেন পাংগিঙে প্ৰথমবাৰৰ বাবে অসমৰ  থলুৱা জীৱন যাপনৰ ওপৰত ভিত্তি কৰি ইংৰাজী ভাষাত নিৰ্মিত এখন চুটী ছৱিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ থলুৱা জনজীৱনৰ ওপৰত নিৰ্মিত ‘মাই লাইফ’ নামৰ মিচিং জনগোষ্ঠীৰ জীৱন-শৈলীৰ ওপৰত নিৰ্মিত চুটি ছবিখনে শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিছে৷ নিঃসন্তান দম্পত্তিৰ হতাশাগ্ৰস্থ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ১৪ মিনিটৰ চুটি ছৱিখন মুক্তিৰ পিছতে আমেৰিকান গল্ডেন পিকচাৰ্ছে ‘আউটষ্টেণ্ডিং এচিভমেন্ট এৱাৰ্ড’ আগবঢ়াই শিল্পী গজেন পাংগিঙক।

ইয়াৰ পিছতে মেৰা পৈতৃক গাওঁ, পুত্ৰভাটি ভৱ,ডা লাইফ অফ্ কামপতি,নিয়তি নামৰ মিচিং চুটি নিৰ্মাণ কৰি বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গজেন পাংগিঙে।

You might also like