নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেটিং কৰোঁতে বাৰে বাৰে সন্ধান পাই নিজ ভগ্নীৰঃ যুৱকৰ আছে ৫০০ ভাই-ভনী

 নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ  ডেটিং কৰোঁতে এজন ২৪ বছৰীয়া যুৱকে নিজৰ ভগ্নী আৰু ভাতৃক বিচাৰি পাইছে, কিন্তু ইয়াৰ বাবে ডেটিং এপক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে যুৱকজনে। আগতেও ভাতৃ-ভগ্নীক লগ পাইছিল তেওঁ। এতিয়া প্ৰেমিকাক লগ ধৰাই নহয় নিজৰ বন্ধুক লগ কৰাক লৈও সমস্যাত পৰিছে যুৱকজন। যুৱকজনে যাৰ লগতেই কথা পাতিছে, গম পাইছে তেওঁলোক একেই পিতৃৰ সন্তান। যুৱকজনৰ এই সমস্যাৰ কাৰণ তেওঁৰ দেউতাক। জেভ ফৰ্ছ নামৰ যুৱকজনৰ দেউতাকে ৫০০বাৰলৈ শুক্ৰাণু দান কৰা বাবে আজি তেওঁৰ অৱস্থা এনে হৈছে।

এতিয়ালৈ জেভ ফৰ্ছে নিজৰ আঠজন ভাই-ভনী বিচাৰি পাইছে। তেওঁ এতিয়াও তাৰমানে ৪৯২গৰাকী ভাই-ভনীক বিচাৰি পোৱাৰ সম্ভাৱনা আছে। গতিকে সমস্যাত পৰিছে জেভ ফৰ্ছ। উল্লেখ্য,ডেটিং কৰোঁতে যুৱকজনে কেইবাগৰাকীৰ সৈতে সাধাৰণভাৱে শাৰীৰিক সম্পৰ্কও গঢ়ি তুলিছিল। এতিয়া যুৱকজনে এইটো ভাবি বিমোৰত যে তেওঁলোক তেওঁৰ ভনী নাছিলতো। বীৰ্যদানৰ বিষম ফল ভোগ কৰা যুৱক জেভে এতিয়া নিজ পিতৃক বিচাৰি ফুৰিছে। কাৰণ অনইলান তথ্য মতে ৫০০বাৰ বীৰ্যদান কৰা দেউতাকৰ ফালৰ পৰা হয়তো জানিব পৰা যাব তেওঁৰ আন ভাই-ভনীৰ সম্ভেদ। উল্লেখ্য, বীৰ্যদানে কিছুমান দেশত এতিয়া জেভ ফৰ্ছৰ দৰে সমস্যাত বহুতকে পেলাইছে। এই লৈ বহু দেশত বীৰ্যদানক লৈ নতুন আইন প্ৰণয়নৰো চিন্তা-চৰ্চা হৈছে।

You might also like