নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো মুহূৰ্তত চৰম শাস্তি দিব কুইপ’ৰ দুই কৰ্মচাৰীক, পঢ়ক আলফাৰ বিবৃতি…

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ বেছ কিছুদিন ধৰি কুইপ’ৰ দুই কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিক লৈ চলি থকা চৰ্চাৰ মাজতে আজি আলফাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এক বিবৃতি।

এই বিবৃতি অনুযায়ী যিকোনো মুহূৰ্তত চৰম শাস্তি দিব পাৰে অপহৃত ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক। কুইপ’ৰ কৰ্তৃপক্ষৰ সৈতে দুদিন ধৰি চলা আলোচনা ব্যৰ্থ হ’ল বুলি প্ৰকাশ কৰা হৈছে বিবৃতিটোত।

আলফা(স্বা), এনএছচিএন আৰু জিপিআৰএনে আলোচনা ব্যৰ্থ হোৱাৰ পিছতেই দুই বিষয়াক চৰম শাস্তি দিয়াৰ সিদ্ধান্ত লোৱা বুলি জনাইছে সংগঠনটোৱে। লগতে ইয়াৰ বাবে কুইপ’, অইল আৰু চৰকাৰ দোষী হ’ব বুলি ঘোষণা কৰিছে সংগঠনকেইটাই।
আলফাৰ বিবৃতি-

You might also like