নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্বাদু-পুষ্টিকৰ চজিনাৰ উপকাৰিতা জানো আহক

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ চজিনা বহুতৰে খুব প্রিয় এবিধ পাচলি; যোৱা কিছুদিন ধৰি বজাৰতো দাম কমিছে। বসন্তৰ শেষৰ পৰাই চজিনা বজাৰত ওলোৱা আৰম্ভ কৰে। কিন্তু আৰম্ভণিতে দাম বেছি হয়। চজিনাৰ তৰকাৰী বা চৰ্চৰি আৰু চজিনাৰ দাইল অনেকৰে খুব প্রিয় খাদ্য। তাৰ উপৰিও চজিনাৰ পাতক কোৱা হয় ছুপাৰ ফুড বুলি। চজিনাৰে ৰন্ধা সোৱাদযুক্ত তৰকাৰী এই গৰমত মন তৃপ্ত কৰাই নহয় ইয়াৰ বিস্ময়কৰ স্বাস্থ্য উপকাৰিতাও আছে। জানো আহক ইয়াৰ পুষ্টিগুণ আৰু উপকাৰিতা-

চজিনাত আছে প্রচুৰ পৰিমাণে ভিটামিন ‘চি’, যিয়ে এন্টি অক্সিডেন্ট হিচাপে কাম কৰে। ঠাণ্ডা জ্বৰ বা কাহ হ’লে চজিনাৰ তৰকাৰী অথবা চুৰুহা খালে জ্বৰ-কাহৰ উপশমত সহায় কৰে।

উচ্চ ৰক্তচাপৰ ৰোগীৰ বাবে চজিনা বৰ উপকাৰী। কোলেস্টৰেল নিয়ন্ত্রণ ৰখাত সহায় কৰে। কেৱল চজিনাৰ ঠাৰিয়ে নহয়, ইয়াৰ পাতো উচ্চ ৰক্ত চাপৰ চিকিৎসাত গুৰুত্বপূর্ণ।

হজমৰ সমস্যা সমাধানত চজিনা বৰ উপকাৰী। পেটৰ অসুখ বা হজমৰ সমস্যা থকাসকলে চজিনাৰ তৰকাৰি খালে বৰ আৰাম পাব পাৰে।
ডায়বেটিচ ৰোগীৰ বাবেও চজিনা অতি উপকাৰী এবিধ পাচলি। শৰীৰত চেনীৰ সঠিক মাত্রা নিয়ন্ত্রণ ৰাখি ডায়বেটিছ নিয়ন্ত্রণত সহায় কৰে চজিনাই।

ইয়াত থাকে প্রচুৰ পৰিমাণে আয়ৰন, কেলচিয়াম আৰু ভিটামিন। হাড়ৰ গঠনত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰৰ তেজ বিশুদ্ধ কৰোতো চজিনাৰ ঠাৰিৰ সমান একো হ’ব নোৱাৰে।

বসন্ত প্রতিৰোধত খুবেই উপকাৰী চজিনা। ইয়াৰ তৰকাৰী বা ডাইল খালে বসন্ত বা সৰু আই আক্রান্ত হোৱাৰ আশংকা বহুগুণে কমি যায়।

চজিনাৰ ঠাৰিত আছে প্রচুৰ পৰিমাণৰ আঁহ, যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰে।

চজিনাত আছে এন্টিঅক্সিডেন্ট যিয়ে এলার্জী প্রতিৰোধ কৰে, ফলত এলার্জীৰ কাৰণে যি শ্বাসকষ্ট হয় সেয়া দূৰ কৰে।

চজিনাৰ পাতত থকা কেলচিয়াম, পটেচিয়াম, মেগনেছিয়ামৰ পৰিমাণ গাখীৰতকৈও বেছি। এই পাত শাক হিচাপে খালে গাৰ বিষ, ক্লান্তি দূৰ হয়।

ইয়াৰ উপৰিও মুখৰ ৰুচি বঢ়োৱাত চজিনাৰ পাত বা ঠাৰি খুবেই উপকাৰী। ই লিভাৰ আৰু কিডনী সুৰক্ষিত ৰাখে। শৰীৰৰ বাঢ়ি অহা ওজন কমোৱাত সহায় কৰে চজিনাই।

You might also like