নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত ইভিএমত বন্দী হ’ব ১৯৭ প্রার্থীৰ ভাগ্য

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ  আজি অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন৷ আজি ১৯৭গৰাকী প্রার্থীৰ ভাগ্য বন্দী হ’ব ই ভি এমত৷ সুদীর্ঘ ৯ বছৰৰ অন্তত অনুষ্ঠিত হোৱা নিগমৰ নির্বাচনক লৈ শাসক–বিৰোধী উভয়ে জয়লাভৰ দৃঢ়তা দোহাৰিছে৷

উল্লেখ্য যে পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই ভোটগ্রহণ বিয়লি ৪.৩০ বজাত অন্ত পৰিব৷ প্রথমবাৰৰ বাবে পৌৰ নিগমৰ নির্বাচনত ব্যৱহাৰ কৰা হৈছে ই ভি এম৷ ৭,৯৭,৮০৭গৰাকী ভোটাৰে ৫৭টা ৱার্ডত প্রার্থীৰ ভাগ্য আজি নিৰূপণ কৰাৰ পাছত ২৪ এপ্রিলত হ’ব ভোটগণনা৷

মন কৰিবলগীয়া যে এইবাৰ নির্বাচনৰ বাবে মুঠ ৭৫৭টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷ প্রতিটো ভোটগ্রহণ কেন্দ্রত এগৰাকীকৈ প্রিজাইডিং বিষয়াৰ লগতে তিনিগৰাকীকৈ প’লিং বিষয়া নিয়োজিত কৰা হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত এইবাৰ ৮০টা ভোটগ্রহণ কেন্দ্র কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হৈছে৷ ইপিনে ২৪ এপ্রিলৰ পুৱা ৮ বজাৰ পৰা মণিৰাম দেৱান ট্রেড চেণ্টাৰতেই ভোটগণনা কৰাৰ লগতে একেদিনাই নির্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷

ইফালে নির্বাচনক লৈ সুৰক্ষা ব্যৱস্থাও কটকটীয়া কৰি তুলিছে মহানগৰ আৰক্ষীয়ে৷ শান্তিপূর্ণভাৱে নির্বাচনৰ বাবে মহানগৰ আৰক্ষীয়ে বিশেষ সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছে৷ প্রতিটো ভোটগ্রহণ কেন্দ্রত নির্দিষ্টসংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে ৭৪জন ছেক্টৰ অফিচাৰ আৰু ৮জন জ’নেল অফিচাৰ নিয়োগ কৰা হৈছে৷ ছেক্টৰ পর্যায়ত আৰক্ষী উপ–পৰিদর্শক নিয়োগ কৰাৰ বিপৰীতে মুঠ ৮টা জ’নৰ প্রতিটো জ’ন এজনকৈ উপ–আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হৈছে৷ ছেক্টৰ অফিচাৰসকলৰ লগত থাকিব নির্দিষ্টসংখ্যক নিৰাপত্তাৰক্ষী৷

 

You might also like