নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিৰক্ষা চুক্তিৰ পৰা ৰাছিয়া-ইউক্ৰেইন যুদ্ধলৈকে, প্ৰধানমন্ত্ৰী মোদী আৰু বৰিছ জনছনৰ আলোচনাত কি কি বিষয়ে স্থান পালে?

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ  ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হৈছেহি ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন । জনছনে শুকুৰবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত দুয়োখন দেশৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। এই সময়ছোৱাত ভাৰত আৰু ব্ৰিটেইনৰ মাজত বহুতো গুৰুত্বপূৰ্ণ চুক্তি প্ৰস্তুত কৰা হয়। বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু বৰিছ জনছনে সংবাদ মাধ্যমক সম্বোধন কৰে।

সংবাদমেলত মোদীয়ে কয়, “মই ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক ভাৰতলৈ স্বাগতম জনাইছোঁ। আজাদী কা অমৃত মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ভাৰত ভ্ৰমণ এক ঐতিহাসিক ভ্ৰমণ।”

বছৰৰ শেষৰ ফালে FTA সমাপ্ত কৰাৰ সিদ্ধান্ত: মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা বছৰ আমি দুয়োখন দেশৰ মাজত এক ব্যাপক কৌশলগত অংশীদাৰীত্ব স্থাপন কৰিছিলোঁ। আমি এই দশকত আমাৰ সম্পৰ্কক দিশ দিবলৈ ২০৩০ চনৰ এক উচ্চাভিলাষী ৰোডমেপো আৰম্ভ কৰিছিলোঁ। আজি আমি এই ৰোডমেপটো পৰ্যালোচনা কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আমি এই বছৰৰ শেষৰ ফালে এফটিএ ৰ সমাপ্তিৰ দিশত সম্পূৰ্ণ প্ৰচেষ্টা কৰাৰ সিদ্ধান্ত লৈছোঁ। যোৱা কেইমাহমানত, ভাৰতে ইউ.এ.ই. আৰু অষ্ট্ৰেলিয়াৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰিছে। একে গতি আৰু প্ৰতিশ্ৰুতিৰে আমি ইউকেৰ সৈতেএফটিএত আগবাঢ়িব বিচাৰোঁ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়েও আলোচনা

দুয়োগৰাকী নেতাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বিষয়েও আলোচনা কৰে। মোদীয়ে কয় যে আমি ইউক্ৰেইনত তাৎক্ষণিক যুদ্ধবিৰতি আৰু সমস্যা সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আমি সকলো দেশৰ আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মানৰ গুৰুত্বৰ কথাও দোহাৰিছোঁ।

ইপিনে সংবাদমেলত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয়- “আজি আমাৰ মাজত এক সুন্দৰ বাৰ্তালাপ হয় আৰু আমি আমাৰ সম্পৰ্কক সকলো ধৰণে শক্তিশালী কৰিছোঁ। 

You might also like