নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

wrinkles পৰিছে নেকি ছালত? ইয়াক কেনেকৈ দূৰ কৰিব

বয়স বঢ়াৰ লগে লগে আমাৰ ছালে স্বাভাৱিক আর্দ্রতা হেৰুৱায়৷ ফলত ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ যেনে শুষ্ক্তা, নির্জীৱতা, কলা দাগ পৰা, বলিৰেখা ইত্যাদি৷ ইয়াৰ ভিতৰত বলিৰেখাৰ সমস্যাটো সকলোতকৈ বেছিকৈ দেখা যায়৷ ইয়াৰ কাৰণ আৰু কাৰক কেইবাটাও৷ তাৰ ভিতৰত ধূমপান, বর্ধিত প্রদূষণ, সূর্যৰ অতিবেঙুণীয়া ৰশ্মি, খোৱা–বোৱাৰ অসমতা, বয়স ইত্যাদিয়েই প্রধান৷
কি কৰিব, কি নকৰিব
ধূমপানৰ দৰে বেয়া অভ্যাস আছে যদি এৰি পেলাওক নাইবা কমাওক৷

প্রতিদিনৰ আহাৰ তালিকাত সুষম আৰু স্বাস্থ্যকৰ উপাদান অন্তর্ভুক্ত কৰি লওক৷

পানী প্রচুৰ পৰিমাণে খাওক৷ ছালৰ আর্দ্রতা আৰু সমতা ৰক্ষাৰ বাবে ই অতি প্রয়োজনীয়৷

দুপৰীয়াৰ চোকা ৰদ ছালৰ বলিৰেখাৰ এক মুখ্য কাৰণ৷ ইয়াৰ পৰা দূৰত থাকক৷

ভাল কোম্পানীৰ ছানস্ক্রীন আৰু এণ্ঢি ৰিংকল ক্রীম ব্যৱহাৰ কৰিব৷

পৰাপক্ষত টোপনি খতি নকৰিব৷

অতিমাত্রা দৈহিক আৰু মানসিক হেঁচা নলব৷

বলিৰেখা দূৰ কৰাৰ কেইটামান সহজ আৰু ঘৰুৱা উপায়
– কণীৰ বগা অংশটো ভালদৰে ফেটি লওক৷ মুখত পাতলকৈ লগাই আলফুলে কিছু সময় মালিচ কৰক৷ পোন্ধৰ মিনিটৰ পিছত পৰিষ্কাৰ পানীৰে ধোৱক৷ কণীত থকা প্রটিন, ভিটামিন বি আৰু ই ছালৰ বাবে অত্যন্ত সুফলদায়ক৷

খ- অলিভ অইল ব্যৱহাৰ কৰিব পাৰে৷ দিনটোৰ ব্যস্ততাৰ অন্তত ছালৰ পৰিচর্যাৰ বাবে অলিভ অইলেৰে মুখ–ডিঙিৰ মালিচ কৰক৷ বলিৰেখা দূৰ হোৱাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পাব৷

গ –এলোভেৰা বা ছালকুঁৱৰীৰ নিয়মিত ব্যৱহাৰ ছালৰ সকলো প্রকাৰৰ সমস্যা সমাধানৰ উপায়৷ ছালকুঁৱৰী এটুকুৰা লৈ মুখ আৰু ডিঙিৰ মালিচ কৰিব৷ দহ মিনিটৰ পিছত ধুব৷ নেমু আৰু গ্লিচাৰিন মিহলাই লব পাৰে৷ ছালৰ বলিৰেখা দূৰ কৰাত ই মহৌষধ৷

ঘ –নেমুৰস বলিৰেখা আঁতৰাবৰ বাবে খুব সুফলদায়ক৷ অৱশ্যে ইয়াৰ ব্যৱহাৰ খুব সীমিত ৰূপত কৰা উচিত৷ কোনো পেক নাইবা আন সামগ্রীৰ সৈতে নেমুৰ ৰসৰ ব্যৱহাৰ কৰক৷

ঙ- পকা কল, গাজৰ, অনাৰস আদি ফলৰ প্রয়োগ ছালৰ বলিৰেখা দূৰ কৰাত অত্যন্ত সহায়ক হয়৷ পকাকল ফেনেকি লগত মৌ আৰু অলিভ অইল মিহলাই সানিব৷ বিশ মিনিট পিছত ধুব৷ এইদৰে গাজৰ আৰু আনাৰসৰ পেক বনায়ো ব্যৱহাৰ কৰি পাৰে৷ ছাল উজ্জ্বল, মসৃণ আৰু দাগবিহীন হোৱাৰ লগতে বলিৰেখাও অদৃশ্য হব৷

সময় থাকোঁতেই ছালৰ যতন লওক৷ বলিৰেখাৰ লগতে ছালৰ সকলো প্রকাৰৰ সমস্যা দূৰ কৰি সুন্দৰ আৰু সতেজ হৈ থাকক৷ আপোনাৰ যতন আৰু সচেতনতাৰ আগত বয়সে হাৰ মানিবলৈ বাধ্য হব৷
ৰূপাঞ্জলি চেতিয়া
চলিহা নগৰ, তিনিচুকীয়া৷
মবাইল নং– 8811083663

You might also like