নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদৰ চিৰিয়াখানাত ৮টা সিংহ ক’ভিডত আক্রান্ত

নিয়মীয়া বাৰ্তা ৫ মেঃ মানৱ দেহতেই নহয়, বন্যপ্রাণীৰ দেহতো মাৰাত্মক ক’ভিড–১৯ ধৰা পৰিছে৷ প্রথমবাৰৰ বাবে ভাৰতৰ হায়দৰাবাদৰ চিৰিয়াখানাত ৮টা এছিয়ান সিংহৰ দেহত ক’ভিড–১৯ ধৰা পৰিছে৷ চিএছআইআৰ–চেণ্টাৰ ফৰ ছেলুলাৰ এণ্ড ম’লেকুলাৰ বায়’লজী, হায়দৰাবাদৰ উপদেষ্টা ৰাকেশ মিশ্রই প্রকাশ কৰা মতে চিৰিয়াখানাৰ ৮টা সিংহৰ লেলাউটি পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পিছত সিংহকেইটাৰ দেহত মাৰাত্মক ক’ভিড–১৯ৰ সংক্রমণ ধৰা পৰিছে৷

সিংহকেইটা ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতেই চিৰিয়াখানাৰেই অকলশৰীয়া স্থানত ৰাখি চিকিৎসা চলাই থকা হৈছে৷ হায়দৰাবাদৰ নেহৰু জৈৱিক উদ্যানখনত থকা ৮টা সিংহৰ দেহত ধৰা পৰা ক’ৰোনা ভাইৰাছ কোনো নতুন প্রকৰণৰ নহয়৷ ৰাকেশ মিশ্রই সন্দেহ কৰা মতে চিৰিয়াখানাৰ কর্মচাৰীৰ পৰা সিংহলৈ এই ভাইৰাছটোৰ সংক্রমণ হৈছে৷

You might also like