নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৈনিক গা ধুলে হ’ব পৰা পাৰ্শ্ব প্ৰতিক্ৰিয়া জানিলে আচৰিত হ’ব আপুনি

শৈশৱ কালত আমাক দৈনিক গা ধুৱা আৰু শৰীৰৰটো ভালদৰে পৰিস্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিছিল। বিজ্ঞজনে সদায় কৈছে যে সদায় গা ধুলে মানুহৰ শৰীৰৰ পৰা বহু ৰোগ নাইকিয়া হৈ যায়। কিন্তু বিজ্ঞানে এই সন্দৰ্ভত অলপ বেলেগ ধৰণে ব্যাখা কৰিছে। বিশেষজ্ঞসকলৰ মতে দৈনিক গা ধুলে আমাৰ শৰীৰত বহুত ক্ষতি হ’ব পাৰে।

হাবাৰ্ড হেলথৰ এক প্ৰতিবেদনৰ মতে সাধাৰণতে আমাৰ শৰীৰৰ ছালত থকা তেলৰ ভাল বেক্টেৰিয়াই শৰীৰত সামঞ্জস্য বজাই ৰাখে। গা ধুৱাৰ সময়ত আমাৰ শৰীৰত ছালখন পৰিস্কাৰ কৰাৰ সময়ত সেইবোৰ বেক্টেৰিয়া ওলাই গুচি যায়। ঠিক সেইদৰে গৰম পানীয়েও গা ধুলেও বহুত লোকচান কৰে।

বিশেষজ্ঞসকলৰ মতে গাধুৱাৰ সময়ত বাহিৰৰ বেক্টেৰিয়া আৰু এলাৰ্জিক আমন্ত্ৰণ কৰা হয়। ইয়াৰ জৰিয়তে ছালৰ সংক্ৰমণ অথবা এলাৰ্জি হোৱাৰ বহুত সম্ভাৱনা থাকে। যাৰ বাবে ডক্তৰে গা ধুৱাৰ পিছত স্কীণ ক্ৰীম ব্যৱহাৰ কৰাৰ পৰমাৰ্শ দিয়ে।

শৰীৰত এণ্টিবডী বিকশিত আৰু শৰীৰৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিবৰ বাবে বেক্টেৰিয়া আৰু সুক্ষ্ম জীৱৰ প্ৰয়োজন হয়। বাৰে বাৰে গা ধুলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

যি এণ্টীবেক্টেৰিয়েল আৰু শ্বেম্পু আৰু চাবোনৰ ব্যৱহাৰ কৰো তেতিয়া আমাৰ শৰীৰৰ ভাল বেক্টেৰিয়া সমূহ মৰি যায়।

আমেৰিকাৰ প্ৰসিদ্ধ চৰ্মৰোগ বিশেষজ্ঞৰ ড০ লৰেন্স প্লাচৰ মতে যি সকলৰ শৰীৰৰ ছাল খন শুকান তেওঁলোকে ৫ মিনিটকৈ বেছি সময় গা ধুব নালাগে। তেওঁলোকে ১ মিনিটতকৈ বেছি সময় শ্বাৱাৰৰ তলত থাকিব নালাগে ই স্কীণ আৰু চুলি দুয়োটাই বেয়া কৰে।

nbcৰ বাতৰিৰ মতে গৰমপানীয়ে শৰীৰৰ প্ৰাকৃতিক তেল বহুত সোনকালে শেষ কৰি দিয়াৰ লগতে ক্ষীপ্ৰতাৰে ধব্বংস কৰি দিয়ে।

You might also like