নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপোনাত দেখিছে নেকি সোণ , ই শুভ নে অশুভ…

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ   সামুদ্ৰিক শাস্ত্ৰত আমি সপোনত যি দেখো, তাক লৈ বৰ্ণনা কৰা আছে। এই শাস্ত্ৰ মতে, আমি কেতিয়াবা এনে কিছু সপোন দেখো যি আমাৰ মনটো বেয়া কৰি পেলায়। দিনটো বেয়া ভাবেৰে পাৰ হয়। আকৌ কিছুমান সপোনে মনত শান্তি দিয়ে। আনহাতে, এনেধৰণৰ কিছুমান সপোন দেখো, যাক আমি বুজি নাপাও। এনে কিছু সপোন আছে, যি দেখিলে আপোনাৰ ভাগ্য সলনি হ’ব পাৰে।

সপোনত সোণ দেখাঃ   যদি সপোনাত সোণ পোৱা দেখা যায়, তেতিয়া সামুদ্ৰিক শাস্ত্ৰৰ মতে ই এক শুভ সংকেত। এই সপোনাৰ অৰ্থ এইটো যে সপোন দেখোতা জনে অতি সোনকালে ধনৰ বৃদ্ধি হোৱাৰ লগতে লাভও বাঢ়িব। ইয়াৰ ওপৰিও সপোনাত সোণ দেখা জনে প্ৰথম বাৰৰ বাবে কৰবাত বিনিয়োগ কৰিছে যদি তেতিয়া ইয়াৰ ফলফল ভাল হ’ব। যদি চাকৰিয়াল হয় তেতিয়া প্ৰমোচন হোৱাৰ আশা থাকে।

সপোনাত সোণৰ খনি দেখাঃ সপোনাত সোণৰ খনি দেখিলে সামুদ্ৰিক শাস্ত্ৰৰ মতে ই খুব শুভ। এই সপোনৰ মতে সপোন দেখাজনৰ জীৱনত বহু পৰিৱৰ্তন হব পাৰে।

সপোনাত সোণ বন্ধকত থোৱাঃ সপোনাত যদি সোণ বন্ধকত থোৱা দেখা যায়, তেতিয়া ই অপমান সূচক হ’ব পাৰে। এই সপোন দেখা জনে বহুত সাৱধানে থকা উচিত। ভাবি চিন্তি কিবা সিদ্ধান্ত লোৱা উচিত সপোন দেখাজনে।

সপোনাত সোণ চোৰ হোৱা দেখিলেঃ সপোনাত যদি সোণ চুৰি হোৱা দেখে তেতিয়া সামুদ্ৰিক শাস্ত্ৰৰ মতে ই অশুভ। সপোন দেখাজনৰ বেয়া দিন আৰম্ভ হ’ব পাৰে। লগতে সপোন দেখা জনৰ শক্ৰয়ে আঘাত কৰিব পাৰে। যাৰ বাবে এনেধৰণৰ সপোন দেখিলে সাৱধানে থাকিব লাগে।

সপোনাত সোণৰ গহণা পোৱা দেখিলেঃ সপোনাত যদি সোণৰ গহণা পোৱা দেখে তেতিয়া সামুদ্ৰিক শাস্ত্ৰৰ মতে ই খুব শুভ সংকেত। ইয়াৰ মতে আহি থকা দিনবোৰত সপোন দেখা জনৰ বহুত লাভ হব পাৰে। বিশেষকৈ ব্য়ৱসায়ী সকলৰ লাভ হ’ব পাৰে।

You might also like