নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৱন–ৰাহানে–অশ্বিনৰ পৰা পৰামর্শ লৈছে অধিনায়ক পণ্টে

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ৰবিচন্দ্রন অশ্বিন, শিখৰ ধাৱন আৰু আজিংক্য ৰাহানেৰ দৰে অভিজ্ঞ তাৰকাৰ পৰা সহায় লৈ আই পি এললৈ সাজু হৈছে দিল্লী কেপিটেলছৰ নৱনিযুক্ত অধিনায়ক ঋষভ পণ্টে৷ আঘাতৰ বাবে আই পি এলত খেলিব নোৱাৰা শ্রেয়াছ আয়াৰৰ স্থানত দিল্লীৰ অধিনায়ক নিযুক্ত তাৰকা উইকেটৰক্ষক বেটছমেনগৰাকীয়ে  কয় যে দলৰ যিকোনো কৌশলগত সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত তেওঁ ধাৱন, ৰাহানে আৰু অশ্বিনৰ পৰা পৰামর্শ গ্রহণ কৰিছে৷ তেওঁলোকৰ উপস্থিতিয়ে পণ্টৰ নেতৃত্বৰ চাপ হ্রাস কৰিছে বুলিও ভাৰতীয় ক্রিকেটৰ নৱতম চাঞ্চল্য হিচাপে পৰিচিত উদীয়মান উইকেটৰক্ষকগৰাকীয়্ উল্লেখ কৰে৷ ইফালে, মহেন্দ্র সিং ধোনীৰ বিৰুদ্ধে আই পি এলত অধিনায়ক হিচাপে আত্মপ্রকাশ ঘটাবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰা বুলি উল্লেখ কৰি পণ্টে কয় যে ধোনী তেওঁৰ ক্রিকেট কেৰিয়াৰৰ আদর্শ ব্যক্তি আৰু ধোনীৰ সৈতে টছ কৰিবলৈ যোৱা মুহূর্তটো চিৰস্মৰণীয় হৈ ৰ’ব৷ উল্লেখ্য যে বিগত বর্ষত দিল্লী কেপিটেলছ আই পি এলৰ ৰানার্ছআপ হৈছিল৷

You might also like