নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাৰুৰ তলত এইকেইবিধ সামগ্ৰী থৈ শোৱক সলনি হ’ব পাৰে ভাগ্য…

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ভিন্ন সমস্যা তথা চিন্তাৰে ভাৰাক্ৰান্ত বৰ্তমান মানৱ জীৱন। বহুলোকৰ ভালদৰে ৰাতি টোপনি নাহে যাৰ পৰিপেক্ষিতত পিছদিনা কামত মন নবহে অথবা মনটো বেয়া হৈ থাকে। বাস্তু শাস্ত্ৰ অথবা জ্যোতিষ শাস্ত্ৰত ইয়াৰ সমাধান দিছে। যদি শোৱাৰ সময়ত কোনো ব্যক্তিয়ে গাৰুৰ তলত কিছুমান বস্তু থয় তেন্তে ব্যক্তিজনৰ ভালটোপনি লগতে জীৱনৰ বহু সমস্যা দূৰ হয়।

যদি কোনোবা শিশু শোৱাৰ পৰা হঠাতে সাৰ পায় উঠে আৰু টোপনিতে কান্দে তেতিয়া গাৰুৰ তলত কেচি, কটাৰী অথবা লোহা ৰাখিব লাগে। এনেকুৱা কৰিলে অশুভ শক্তিৰ পৰা আঁতৰাই ৰাখে শিশুটিক। কেৱল শিশুৱেই নহয় বয়স্কলোকেও শোৱাৰ সময়ত কটাৰী ৰাখে তেতিয়া ভাল টোপনি আহে আৰু বেয়া সপোন দেখাৰ পৰা বিৰত থাকে।

নহৰু সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। আপুনি শোৱাৰ সময়ত গাৰুৰ তলত নহৰুৰ বাকলি থৈ শুলে ব্যক্তি জনৰ ভাল টোপনি অহাৰ লগতে ভাল চিন্তা মনলৈ আহে। লগতে মনটো বেয়া চিন্তা দূৰ কৰি ৰাখে।

গাৰুৰ তলত যদি চফ দি শোৱে ৰাহুৰ দোষ নাইকিয়া কৰাত সহায় কৰে। লগতে বেয়া সপোন, মানসিক অশান্তি নাইকিয়া কৰে। এই উপায়েৰে ৰাহুৰ বেয়া প্ৰভাৱ নাইকিয়া কৰিব পাৰি।

You might also like