নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত প্ৰধানমন্ত্ৰী মোদীঃ ৰিম’ট টিপি উদ্বোধন ৫ প্ৰকল্প

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী মোদীয়ে ধেমাজি জিলাৰ কুলাজানত উপস্থিত হৈ বহুপ্রতীক্ষিত ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়খনৰ শুভ উদ্বোধন কৰে৷ কুলাজানৰ পিয়াং চাপৰিত তেওঁ এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে তাৰ পৰাই বুটাম টিপি অভিযান্ত্রিক মহাবিদ্যালয়খন উদ্বোধন কৰে৷

ইয়াৰ লগতে ৰিম’টৰ জৰিয়তে আনুষ্ঠানিকভাৱে শুৱালকুছি অভিযান্ত্রিক মহাবিদ্যালয়ৰো শিলান্যাস কৰে। আনহাতে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত আই এন ডি এম এ এক্স ইউনিট, ডিব্রুগডৰ মধুবনত ভাৰতীয় তৈল নিগম (অইল)ৰ ছেকেণ্ডাৰী টেংক ফার্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেদা গাঁৱৰ গেছ কম্প্রেছৰ ষ্টেচন ৰাষ্ট্ৰলৈ উছৰ্গা কৰে।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন উপলক্ষে আয়োজন কৰা বিশাল জনসভাত সম্বোধন কৰি মোদীয়ে কয়- ‘উত্তৰ অসমক পূৰ্বৰ চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাইছিল, আমাৰ চৰকাৰে ভেদভাৱ নোহোৱা কৰিলে।’ লগতে তেওঁ আত্মনিৰ্ভৰ ভাৰতক গতি দিয়াৰ ক্ষেত্ৰত দেশৰ বিজ্ঞানী, অভিযন্তা, টেকনিচিয়ানৰ শলাগ লয়।

এই অনুষ্ঠানত প্ৰধাননমন্ত্ৰীৰ লগতে উপস্থিত থাকে  অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় প্ৰাকৃতিক গেছ আৰু পেট্ৰ’লিয়ামমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।

You might also like