নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুল আৰু চৰাইটো কি?

পৃথিৱীৰ সকলোতকৈ ডাঙৰ চৰাই

পৃথিৱীৰ সকলোতকৈ ডাঙৰ চৰাই হৈছে উট পক্ষী৷ মাইকী উট পক্ষীৰ ওজন ২০০ পাউণ্ডতকৈ অধিক হ’ব পাৰে৷ লগতে উচ্চতা ৬ ফুটলৈ হ’ব পাৰে৷ মতা উট পক্ষীৰ ওজন ২৮০ পাউণ্ড হোৱাৰ উপৰি উচ্চতা ৯ ফুট হ’ব পাৰে৷

পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুল

পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুলবিধৰ নাম হৈছে ‘ৰাফ্লেছিয়া’৷ ৰাফ্লেছিয়া আর্নল্ডি হৈছে ইণ্ডোনেছিয়াৰ তিনিটা ৰাষ্ট্রীয় ফুলৰ ভিতৰত এটা৷ অন্য দুটা ফুল হৈছে– হোৱাইট জেছমিন আৰু মুন অর্কিড৷ এইবিধ ফুলৰ পাত, ঠাৰি আৰু শিপা নাই৷ এই ফুলবিধ সম্পূর্ণৰূপে ফুলিবলৈ ৯ মাহমান সময় লাগে৷ এই ফুলৰ আয়ুস কেৱল ৫ৰ পৰা ৭ দিনহে৷ এই ফুলপাহ ৩ ফুটলৈ বৃদ্ধি পায় আৰু ইয়াৰ ওজন ৬.৮ কিঃগ্রামৰ পৰা ১০ কিঃগ্রাম হ’ব পাৰে৷

 

 

You might also like