নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ পোদ্দাৰ অটোকৰ্প প্ৰাইভেট লিমিটেডত মহিন্দ্ৰাৰ XUV700 মুকলি

গুৱাহাটী, ৬ অক্টোবৰঃ ভাৰতৰ আগশাৰীৰ এছ.ইউ.ভি. নিৰ্মাতা মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই গুৱাহাটীৰ পোদ্দাৰ অটোকৰ্প প্ৰাইভেট লিমিটেডত বছৰটোৰ আটাইতকৈ প্ৰতীক্ষিত এছ.ইউ.ভি. XUV700 মুকলি কৰে। বাহনখন মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা, এম এম লিমিটেডৰ উত্তৰ-পূৱৰ আৰএছএম আশিস মিশ্ৰা, পোদ্দাৰ অটোকৰ্প প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় পোদ্দাৰ আৰু এম এম লিমিটেডৰ উত্তৰ-পূৱৰ এএছএম ৰাজদীপ ৰয় চৌধুৰীয়ে।

XUV700 ৰ এমএক্স ছিৰিজৰ (MT, petrol, 5-Seater) এক্স-শ্ব’ৰুম, সৰ্বভাৰতীয় মূল্যত ১১.৯৯ লাখৰ পৰা আৰম্ভ হৈছে। ইয়াৰ বুকিং মূল্য ২৫,০০০ ৰ পৰা প্ৰযোজ্য হ’ব। অফিচিয়েল বুকিং অহা ৭ অক্টোবৰ, ২০২১ তাৰিখৰ পৰা আৰম্ভ হ’ব।

মহিন্দ্ৰাই XUV700-ৰ বাবে www.auto.mahindra.com/suv/XUV700/ ইয়াৰ ৱেবছাইটত ‘এড টু কাৰ্ট’ সেৱাও মুকলি কৰিছে। ই গ্ৰাহকসকলক বুকিং খোলাৰ পূৰ্বে ইন্ধনৰ প্ৰকাৰ, বহন ক্ষমতা, ৰং আৰু ডিলাৰৰ অগ্ৰাধিকাৰ সহ বিভিন্ন কনফিগাৰেচন সংৰক্ষণ কৰিবলৈ আৰু ৭ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে বাহনখন অনলাইন বুকিং কৰিবলৈ অনুমতি দিয়ে।

XUV700 -এমএক্স(MX) আৰু এএক্স(AX) দুটা সংস্কৰণত আহে। লগতে পেট্ৰ’ল আৰু ডিজেল দুয়োটা ইঞ্জিনতে উপলব্ধ। এএক্স7(AX7) ভেৰিয়েণ্টটো এটা বৈকল্পিক বিলাসী পেকৰ সৈতে উপলব্ধ হ’ব আৰু ইয়াত চনিৰ দ্বাৰা ইমাৰ্চিভ 3ডি চাউণ্ড, বৈদ্যুতিকভাৱে নিয়োজিত স্মাৰ্ট ডোৰ হেণ্ডেল, 360 অ’ চাৰাউণ্ড ভিউ, ব্লাইণ্ড ভিউ মনিটৰিং, ইলেক্ট্ৰনিক পাৰ্ক ব্ৰেক আৰু ৱায়াৰলেচ চাৰ্জিং আদি সুবিধা অন্তৰ্ভুক্ত থাকিব।

You might also like