নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষৰ কোনোকেইটা লক্ষণে মহিলাক অসন্তুষ্ট কৰে জানেনে…

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ প্ৰতিজন ব্যক্তিৰে দুটা ব্যক্তিত্ব থাকে। কেতিয়া ই প্ৰকাশ কৰে আৰু কেতিয়াবা নিজৰ ভিতৰতেই লুকুৱাই ৰাখে। লগতে এনে কিছুমান পৰুষ আছে যাৰ স্বভাৱ বহুত নম্ৰ হয় কিন্তু প্ৰকৃততে বেলেগ হয়।

এনে কিছুমান লক্ষণ আছে যি বহুত মহিলাই বেয়া পাই। জানো আহক এই লক্ষণ সসূহঃ

ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা গাইলছ গিগনেকে 383 জন প্ৰাপ্তবয়স্কৰ ওপৰত গৱেষণা চলাইছিল। এই গৱেষণা অনুসৰি, পুৰুষৰ উদাৰতা বুজাবুজিৰ পিছত মহিলাসকলৰ বাবে বুদ্ধিমত্তা অতি গুৰুত্বপূৰ্ণ।

অৱশ্যে, কেতিয়াবা ই দোষ হৈ পৰে। বহুলোকে নিজকে যথেষ্ট বুদ্ধিমান বুলি বিবেচনা কৰে। তেওঁলোকে ভাবে যে তেওঁলোকে সকলো জানে। কিন্তু মহিলাসকলে পুৰুষৰ এই অভ্যাসটো বেয়া পায়। যদি আপোনাৰ এই অভ্যাস আছে, তেন্তে এই অভ্যাস পৰিহাৰ কৰক।

ইয়াৰ উপৰিও বহু পুৰুষে কোনো নাৰীক আকৰ্ষণ কৰিবলৈ বহুটো টকা পইচা খৰচ কৰে। যি প্ৰকৃততে দীঘলীয়া সম্বন্ধৰ বাবে উপযুক্ত নহয়। বিশেষকৈ দামী উপহাৰ দিয়াৰ লগতে নামী দামী ৰেষ্টুৰেণ্টত খাবলৈ লৈ যায়, যি প্ৰকৃততে নাৰীয়ে এইবোৰ ভাল নাপায়।

আনহাতে কিছুমান পুৰুষৰ আন এটা বিশেষত্ব আছে। এই প্ৰকাৰৰ বিশেষত্বত, ব্যক্তিজনে সদায়ে আনৰ কৃতিত্বক অতিক্ৰম কৰিবলৈ চেষ্টা কৰে। প্ৰতিযোগিতা কৰাটো ভাল, কিন্তু যেতিয়া পুৰুষে সকলো বোৰতে আনৰ সৈতে তুলনা আৰু প্ৰতিযোগিতা আৰম্ভ কৰে তেতিয়া ই এক সমস্যা হৈ পৰে। এনে ধৰণৰ অভ্যাসক মহিলাই ভাল নাপায়।

লগতে যেতিয়া কোনো সিদ্ধান্ত লোৱা যেনে চিনেমা চাবলৈ যোৱা, বাহিৰত খোৱা, বজাৰ কৰা এইবোৰ কথা যদি পুৰুষে নাৰীক প্ৰশ্ন সুধি থাকে তেতিয়া মহিলাই পুৰুষৰ সেইটো স্বভাৱক বেয়া পায়। পুৰুষৰ এনে স্বভাৱক মহিলাই দুৰ্বল বুলি ভাৱে যে তেওঁকোনো সিদ্ধান্ত নিজে গ্ৰহণ কৰিব নোৱাৰে বুলি।

You might also like