নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডায়বেটিচ ৰোগ নিয়ন্ত্ৰণত আমৰ পাতৰ আছে বিশেষ ভূমিকা

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ  ডায়বেটিচ ৰোগীসকলৰ বাবে সুখবৰ। বহুতৰ ঘৰতেই এই ৰোগ নিয়ন্ত্ৰণ কৰাৰ সমাধান আছে। এবিধ ফলৰ পাততেই ইয়াৰ নিয়ন্ত্ৰণৰ ব্য়ৱস্থা আছে। সেয়া হৈছে আম ফলৰ পাত। আমৰ পাতত ভিটামিন চি আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। আমৰ পাতৰ পানী নিয়িমতভাৱে খালে ডায়বেটিচ ৰোগীসকলৰ বাবে বহুত ভাল।

আমপাতত (মেংগিফাৰিন) এনজাইম আলফা গ্লুকোচিডেজ আঁতৰ কৰাৰ ক্ষমতা আছে, যি কাৰ্বহাইড্ৰেট হ্ৰাস কৰাৰ লগতে, ব্লাড ছুগাৰ স্তৰ নিয়ন্ত্ৰণত সহায় কৰে।

প্ৰথমে ১০-১৫টা আমৰ পাত ১০০ৰ পৰা ১৫০ মিঃলিঃ পানীত গৰম কৰক। গৰম হোৱাৰ পিছত গোটেই ৰাতি থৈ দিয়ক। তাৰ পিছত আমৰ পানী খিনি চেকি ৰাতিপুৱা খালী পেটত খাওক । নিয়মিত ৰূপে আমৰ পাত পানীৰ সৈতে খালে ভাল ফলাফল লাভ কৰিব।

You might also like