নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি সমালোচনাৰ সন্মুখীন ফেচবুক

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অষ্ট্ৰেলিয়াত প্ৰস্তাৱিত এখন নতুন আইনক কেন্দ্ৰ কৰি চৰকাৰৰ লগত বিৰোধিতাত নামি পৰিছে ফেচবুক কৰ্তৃপক্ষ। ফেচবুকৰ মাধ্যমেৰে দেশখনে কোনো বাতৰি প্ৰত্যক্ষ কৰা আৰু শ্বেয়াৰ কৰিব নোৱৰাকৈ ব্লক কৰি থৈছে।

এই ঘটনাক লৈ ফেচবুক তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়াৰ লগতে বিশ্বজুৰি। বিভিন্ন দেশৰ ৰাজনীতিক, গণমাধ্যম, প্ৰকাশকগোষ্ঠী আৰু মানৱাধিকাৰ সংস্থাই এই ঘটনাক অহংকাৰসূচক আৰু হতাশৰ চিন বুলি উল্লেখ কৰিছে।

ফেচবুকৰ এনে ব্যৱস্থাৰ ফলত দেশখনৰ নাগৰিকে দেশী-বিদেশী কোনো খবৰ ফেচবুকৰ জৰিয়তে প্ৰত্যক্ষ কৰিব পৰা নাই লগতে দেশখনৰ সংবাদ সংস্থাই কোনো বাতৰি প্ৰচাৰ-প্ৰসাৰো কৰিব পৰা নাই।

উল্লেখ্য, অষ্ট্ৰেলিয়াই প্ৰণয়ন কৰা নতুন আইন অনুযায়ী ফেচবুকত কোনো বাতৰি প্ৰকাশৰ বাবে সংবাদ সংস্থাসমূহক ফেচবুক কৰ্তৃপক্ষই টকা দিব লাগিব। এনে কাৰণতে ইয়াৰ বিৰোধিতাৰে ফেচবুকে বাতৰিৰ প্ৰচাৰৰ বন্ধ কৰিছে দেশখনত।

You might also like