মাত্ৰ এটা পেগঃ আত্মসন্তুষ্টিত নুভুগিব, হ’ব পাৰে এই ৰোগ…
নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ নিয়মীয়া সুৰাপায়ীসকলৰ সাধাৰণতে এনে এক ধাৰণা যে দিনত এটা পেগ খালে শৰীৰটো স্বাস্থ্যকৰ কৰি ৰাখে। কিছুমানে কয় যে এইটো হৃদযন্ত্ৰৰ বাবে ভাল, কিছুমানে কয় যে ষ্ট্ৰ’ক নহয়, আন কিছুমানে কয় শৰীৰটো জিলিকি থাকে ইত্যাদি।
ইউৰোপীয় European Heart Journalত প্ৰকাশ পোৱা শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে এই ধাৰণাটো ভুল! অতি কম সুৰাপায়ীৰ মাজত ৰোগৰ আশংকা কম নহয়। ইয়াৰ পৰিৱৰ্তে, যেতিয়া আপুনি বহু বছৰ ধৰি অলপ অলপ সুৰা পান কৰি আহিছে, তেতিয়া ই শৰীৰৰ বাবে বিপদজনক হয়।
অধ্যয়নটোত এইটো গম পোৱা গৈছে যদি কোনোবাই কমেও চৌধ্য বছৰৰ বাবে নিয়মিতভাৱে সুৰা পান কৰে, তেন্তে তেওঁৰ হৃদৰোগৰ আশংকা বেছি। যিসকলে এটোপালো সুৰা পান নকৰে, আৰু যিসকলে দিনে এপেগকৈ সুৰা গ্ৰহণ কৰে, তেওঁলোকৰ বাবেহে ই বিপদজনক। এপেগকৈ সুৰাপান কৰাসকল হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা আনতকৈ প্ৰায় ১৬ গুণ অধিক ।