বীৰ্যদানৰ বিষম ফলঃ ১৭৫ সন্তানৰ পিতৃ এজন, বিমোৰত ১০২গৰাকী মাতৃ
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আধুনিক যুগত বীৰ্যদান এক পৰিচিত প্ৰক্ৰিয়া। বহু পশ্চিমীয়া দেশত ই জনপ্ৰিয়ও হৈ উঠিছে। কিন্তু বীৰ্যদানৰ এটা ঘটনাই নেদাৰলেণ্ডত কিছু উদ্বেগজনক পৰিস্থিতি সৃষ্টি কৰাৰ লগতে চিন্তাজনক দিশো উন্মোচন কৰিছে।
দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা এক প্ৰতিবেদনত কোৱা হৈছে যে এগৰাকী ৩০ বছৰীয়া সংগীত শিল্পীয়ে এক ৱেবছাইটযোগে বীৰ্যদানৰ বিজ্ঞাপন দিয়াত ইতিমধ্যে প্ৰায় শতাধিক মহিলাই তেওঁৰে যোগাযোগ স্থাপন কৰি কিছু কম মূল্যৰ বিনিময়ত বীৰ্য গ্ৰহণ কৰিছে। ফাৰ্টিলিটী ক্লিনিকতকৈ বহু কম মূল্যত দান কৰে এই বীৰ্য। ইয়াৰ ফলত ১৭৫গৰাকী সন্তানৰ অস্বীকৃত পিতৃত্বও অৰ্জন কৰিছে যুৱকগৰাকীয়ে।
কিন্তু সমস্যা হৈছে নেদাৰলেণ্ডছৰ দৰে কম জনসংখ্যাৰ এখন দেশত মাত্ৰ এগৰাকী বীৰ্যদাতাই যদি ১৭৫টা শিশুৰ অস্বীকৃত পিতৃ হয়, তেন্তে তেনে বহু বীৰ্যদাতা আছে দেশখনত, যি বহু শিশুৰ একমাত্ৰ অস্বীকৃত পিতৃ হ’ব পাৰে। এইক্ষেত্ৰত চিন্তাজনক দিশটো হৈছে এগৰাকী অস্বীকৃত পিতৃৰ সন্তানসকল ডাঙৰ হোৱাৰ পিছত তেওঁলোকৰ মাজত অজানিতে বৈবাহিক সম্পৰ্ক স্থাপন হ’লে ই একগোত্ৰী বা এক ডি এন এৰ মাজত সম্পৰ্ক স্থাপন হ’ব।
ফলত ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্যৰ ওপৰতো বংশগত ত্ৰুটিৰ আশংকা থাকে। কিয়নো স্বাস্থ্যবিজ্ঞানৰ মতে, অতি নিকট সম্বন্ধীয়ৰ মাজত হোৱা বৈবাহিক সম্পৰ্কৰ বাবে তেওঁলোকৰ ঔৰষত জন্মলভা শিশুৰ স্বাস্থ্যত কিছু বিসংগতি দেখা যায়।
এই চিন্তনীয় দিশটো পোহৰলৈ আহে ভেনেছা ভেন ইৱিজক নামৰ এগৰাকী অকলশৰীয়া (ছিংগল) মহিলাই জনাথন জেকব মেইজাৰ নামৰ এগৰাকী ৩০ বছৰীয়া বীৰ্যদাতা যুৱকৰ পৰা বীৰ্য লৈ সন্তান প্ৰসৱ কৰাৰ পিছত। মহিলাগৰাকীয়ে দ্বিতীয়টো সন্তান প্ৰসৱৰ বাবেও তেওঁৰ পৰা বীৰ্য গ্ৰহণ কৰে।
কিন্তু মহিলাগৰাকীয়ে লগৰ এগৰাকী মহিলাৰ সৈতে এই প্ৰসংগত কথা পাতোঁতে জানিব পাৰে যে সেই মহিলাগৰাকীয়েও মেইজাৰৰ পৰা বীৰ্য লৈ মেডিকেলত ফাৰ্টিলাইজ কৰি সন্তান জন্ম দিছে। পিছত ইৱিজকে নেদাৰলেণ্ড স্বাস্থ্য বিভাগৰ জৰিয়তে জেকবে ১০২ গৰাকী মহিলাক বীৰ্যদান কৰা বুলি জানিব পাৰে আৰু জেকবক এই বিষয়ে তেওঁ প্ৰশ্ন কৰাত তেওঁ ১৭৫টি সন্তানৰ অস্বীকৃত পিতৃ বুলি উল্লেখ কৰে।
উল্লেখ্য জেকবে বীৰ্যদানৰ তালিকা তেওঁৰ ৱেবছাইটত প্ৰকাশ কৰা নাছিল বাবে এই বিষয়ে কোনো মহিলা জ্ঞাত নাছিল। কিন্তু এতিয়া ইৱিজক নামৰ মহিলাগৰাকী বিপদ পৰিছে এই ভাবি যে তেওঁৰ সন্তানে যদি একে পিতৃৰ ঔৰষত জন্ম লভা সন্তানৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰে, তেন্তে ভৱিষ্যত প্ৰজন্ম বংশগত ত্ৰুটি তথা স্বাস্থ্যজনিত বিসংগতিৰ স্বীকাৰ হ’ব পাৰে।
বৰ্তমান এই মহিলাগৰাকীয়ে এতিয়া নিজ সন্তানৰ ১৭৫গৰাকী সহদোৰৰ সন্ধানত ব্ৰত আছে, যাতে ভৱিষ্যতে এনে সহদোৰৰ লগত তেওঁৰ সন্তানৰ কোনো বৈবাহিক সম্পৰ্ক হোৱাৰ ক্ষেত্ৰত চিনাক্ত কৰিব পৰা যায়। অকল নেদালেণ্ডছে নহয় বহু দেশৰ বাবে এই ঘটনাটো এটা চিন্তনীয় বিষয়। বীৰ্যদান প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যদিহে সীমাৰেখা টানি দিয়া নাযায়, তেন্তে ভৱিষ্যত মানৱ জাতিলৈ ই আশংকাজনক পৰিস্থিতি মাতি আনিব পাৰে।