সুখী জীৱনৰ বাবে আপোনাৰ প্ৰেমিকাৰ কি ৬টা বিশেষ গুণ থকাটো দৰকাৰ…
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ প্ৰেমৰ সম্পৰ্কত আহিবলৈ আজিৰ দিনত যথেষ্ট সহজ। বিশেষকৈ ক’ৰোনাৰ সময়ত টিন্ডাৰ, ফেচবুকেও ডেটিং এপ বনাবলৈ বাধ্য হৈছে। এই এপসমূহত নতুন লোকক লগ পোৱাটো তেনেই সহজ। কিন্তু এগৰাকী ছোৱালীৰ লগত জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ কটোৱাটো সহজ নহয়।
সেয়েহে এনে কিছুমান লক্ষণ আপোনালোকক জনাব বিচাৰিছো যি আপুনি ডেটিং কৰোঁতে ছোৱালীৰ গাত বিচাৰি পাই নে চাই লোৱা ভাল, কিয়নো আপুনি জীৱনৰ বাকী অংশ তেওঁৰ লগত কটাব পৰা-নোৱাৰাটো ইয়াৰ ওপৰত নিৰ্ভৰ কৰে।
আপোনাক এজন উন্নত ব্যক্তি কৰি তুলিছেঃ জীৱনত খুব কম মানুহ লগ পোৱা যায় যিয়ে আপোনাৰ জীৱন উন্নত কৰিব পাৰে। গতিকে সম্পৰ্কৰ সময়ত আপোনাক ছোৱালীজনীয়ে এটা উন্নত জীৱনৰ প্ৰতি অগ্ৰসৰ হোৱাত সহায় কৰিছেনে চাব লাগে।
পৰিকল্পনাঃ পৰিকল্পনা থকাটো সকলোৰে জীৱনৰ বাবে ভাল কথা। আপোনাৰ ভৱিষ্যত আৰু ইয়াক কেনে যোগাত্মক ৰূপ দিব তাক লৈ ছোৱালীজনীৰ চিন্তা থকা দৰকাৰ। তেতিয়া আপোনাৰ জীৱনটো বহু সুখী হব।
হাঁহিঃ হাঁহি হৈছে সৰ্বশ্ৰেষ্ঠ ঔষধ। যদি ছোৱালী এজনীয়ে আপোনাক হঁহুৱাব নোৱাৰে, তেন্তে তাইৰ পৰা আঁতৰি আহক। এনেধৰণৰ সংগিনী পালে শীঘ্ৰে ত্যাগ কৰক।
প্ৰথম প্ৰাথমিকতা তাইক দিবঃ যিহেতু আপুনি আপোনাৰ বাকী জীৱন আপোনাৰ ভালপোৱাগৰাকীৰ লগত কটাব, গতিকে তেওঁক প্ৰথম প্ৰাথমিকতা দিব লাগিব। আৰু সঁচাকৈয়ে, যদি আপুনি তেওঁক প্ৰথম স্থানত ৰাখিব নিবিচাৰে, তেন্তে আপুনি তেওঁৰ লগত সংসাৰ নকৰাটোৱে শ্ৰেয়।
মনটো বুজি উঠিব লাগিবঃ সকলোৰে মনবোৰ একেই নহয়। কিন্তু আপোনাৰ মনটো যদি তেওঁ বুজি পায়। যদি আপোনাৰ মনটো বুজি উঠি নিয়ন্ত্ৰণত ৰাখিব পাৰে, তেন্তে তেওঁৰ লগত সংসাৰ কৰাটো আপোনাৰ বাবে ভুল বুলি বিবেচিত নহ’ব।