নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত চৰকাৰক লৈ আপত্তিজনক মন্তব্য কৰাৰ আগতে এবাৰ ভাবক! নহ’লে…

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বৃহস্পতিবাৰে বিহাৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হাছনাইন খানে কয় যে চৰকাৰ, সাংসদ, বিধান সভাৰ সদস্য বা আন যিকোনো চৰকাৰী বিষয়াৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে বিহাৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব।

লগতে পঢ়কঃ শ্বপিং মলৰ ট্ৰায়েল ৰুমত প্ৰৱেশ কৰাৰ পূৰ্বে ১০ বাৰ ভাবক! এগৰাকী যুৱতীৰ সৈতে ঘটিল এই কাণ্ড…

“চৰকাৰ, মন্ত্ৰী আৰু বিষয়াসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাটো চাইবাৰক্ৰাইমৰ অধীনত আহে। এনে ব্যক্তি বা গোটৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সময় আহিছে। অৰ্থনৈতিক অপৰাধ গোট হৈছে চাইবাৰক্ৰাইমৰ নোডেল সংস্থা। মই আপোনালোক সকলোকে এনে যিকোনো অপৰাধৰ বিষয়ে তথ্য পাটনাৰ অৰ্থনৈতিক অপৰাধ গোটক দিবলৈ অনুৰোধ জনাইছো। যাতে আমি এনে লোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰো।”– হাছনাইনে তেওঁৰ চিঠিত এনেদৰে লিখিছে।

২১ জানুৱাৰীত বিহাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা অৰ্থনৈতিক আৰু চাইবাৰক্ৰাইম বিভাগৰ হৈ পত্ৰখন মুকলি কৰা হৈছিল।

 

(ANI)

You might also like