পৰিয়ালত বৃদ্ধি পাইছে নেকি অশান্তি? এই ১০ বাস্তু টিপছ মানি চলক! ঘূৰি আহিব সুখ-শান্তি
বাস্তু শাস্ত্ৰৰ (Vastu Shastra) মতে, ইতিবাচক শক্তিয়ে ঘৰলৈ সমৃদ্ধি আনে। ফলস্বৰূপে, ঘৰৰ পৰিৱেশ ভাল আৰু পৰিয়ালৰ সদস্যসকল সদায় সুখত থাকে। ই ঘৰৰ আৰ্থিক, সামাজিক পৰিস্থিতি উন্নত আৰু শক্তিশালী কৰে। এনে ১০ টা বাস্তু পৰামৰ্শ, যিয়ে সদায় পৰিয়ালত সুখ আৰু শান্তিৰ সৃষ্টি কৰিব। জানো আহক এই ১০ টা বাস্তু পৰামৰ্শ-
- বাস্তু মতে, ঘৰৰ টকা-পইছা মূলতঃ যিটো আলমাৰীত ৰখা হয়, তাৰ দুৱাৰৰ মুখ উত্তৰ দিশে হ’লে ভাল। লগতে আলমাৰীটোৰ তলত বা চাৰিওফালে ঝাড়ু নিৰাখিব।
- পৰিয়ালত শান্তি বজাই ৰাখিবলৈ আপুনি সপ্তাহত এটা দিন গোটেই ঘৰত নিমখ মিশ্ৰিত পানী ছটিয়াব পাৰে। কিন্তু বৃহস্পতিবাৰে এইটো ভুলটো নকৰিব।
- ঘৰৰ উত্তৰ-পূব ফালে এটা কোণত এটা কাচৰ বটলত নিমখ ভৰাই ৰাখক। ই অৰ্থনৈতিক সমস্যা সমাধান কৰে আৰু একাধিক বিত্তীয় দিশ মুকলি কৰে।
আৰু পঢ়কঃ গৰমৰ দিনত ঘামচি, ছালত খজুৱতি, ৰঙা দাগৰ সমস্যা সমাধান কৰক ঘৰুৱা উপায়েৰে
- আপুনি শুই থকা কোঠাত কেতিয়াও থাপনা নাৰাখিব। অন্যথা অকাৰণত ঘৰত অশান্তি হ’ব।
- ঘৰৰ বাথৰুম ব্যৱহাৰ কৰি সেই দুৱাৰখন খোলা ৰখাটো ঠিক নহয়। বাস্তু মতে, ইয়াৰ পৰা নেতিবাচক শক্তি ঘৰত প্ৰৱেশ কৰে।
- বাথৰুম বা পাকঘৰৰ পৰা পানী খোৱাটো অতি বেয়া। ইয়াৰ বাবে যথেষ্ট টকা ব্যয় হয়।
- ঘৰৰ উত্তৰ বা পূৱত তুলসী গছ ৰাখিলে পৰিয়ালত সদায় সুখ আৰু শান্তি থাকে। একে সময়তে, বিভিন্ন সমস্যাও সমাধান হয়।
- শোৱনীকোঠাত আইনা নৰখা ভাল। ই স্বামী আৰু পত্নীৰ মাজত বিবাদ হোৱাৰ সম্ভাৱণা থাকে। যদি আপুনি কোঠাত আইনা ৰাখিব বিচাৰে, তেন্তে শুবলৈ যোৱাৰ আগতে ইয়াক ঢাকিহে বিচনালৈ যাওক।
আৰু পঢ়কঃ এই এপটো আপোনাৰ ফোনটো ইনষ্টল কৰা আছে নেকি? সাৱধান! হেক হ’ব পাৰে WhatsApp-Facebook একাউণ্ট
- যদি ঘৰৰ যিকোনো ঠাইত কোনো ভঙা গিলাচ থাকে, আজিয়েই তাক আঁতৰাওক। কাৰণ ভঙা গিলাচে ঋণাত্মকক শক্তিক আমন্ত্ৰণ কৰে।
- বহুলোকে ঘৰত কাইটিয়া গছ ৰাখিবলৈ ভাল পায়। অৱশ্যে, বাস্তু মতে, যদি ঘৰৰ ভিতৰত এটা কণ্টক গছ ৰখা হয়, পৰিয়ালৰ ৰোগ-ব্যাধি অব্যাহত থাকে।