নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই এপটো আপোনাৰ ফোনটো ইনষ্টল কৰা আছে নেকি? সাৱধান! হেক হ’ব পাৰে WhatsApp-Facebook একাউণ্ট

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ টেকচাভিৰা ক’লহাউচ (clubhouse app)এপৰ সৈতে যথেষ্ট পৰিচিত। অডিঅ’ চেট এপটোত ইতিমধ্যে ১৩ নিযুততকৈও অধিক ব্যৱহাৰকাৰী আছে। কিন্তু সম্প্রতি লক্ষ্য কৰা হৈছে যদি এই এপটো ম’বাইলত ইনষ্টল কৰা থাকে, ই হঠাতে আপোনাৰ হোৱাটছএপ আৰু ফেচবুকত অভিযান চলাই! স্বাভাৱিকভাৱে ই চিন্তাৰ কাৰণ হৈ পৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ বিৰুদ্ধে।

দৰাচলতে, Clubhouse-ৰ দৰে হুবহু দেখা এটা এপ বজাৰত ভাইৰেল হৈ পৰিছে। যি স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে ভুলতে ক্লাবহাউছ এপ বুলি ভাবি ডাউনলোড কৰি আছে। আৰু ইয়াৰ জৰিয়তেই ক্ষতিকাৰক এপটোৱে মোবাইলত প্ৰৱেশ কৰি আছে। যাৰফলত এই এপটোৰ দৰিয়তে হেকাৰসকলে আপোনাৰ হোৱাটছএপ আৰু ফেচবুক হেক কৰিব পাৰে।

উল্লেখ্য যে মূলত ক্লাৱহাউছ এপটো কেৱল আইফোন ব্যৱহাৰকাৰীৰ বাবেহে আছে। এই এপটো এণ্ড্ৰইড ফোনত ব্যৱহাৰ কৰিব নোৱাৰি।

You might also like