নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱা টেবুলৰ শিষ্টাচাৰ

ভাত বা চাহ–জলপান খোৱা টেবুলৰ শিষ্টাচাৰ, যাক আমি ‘টেবুল মেনার্ছ’ বুলি কওঁ, কেৱল আলহী–তিথি থাকিলে যে পালন কৰিব লাগিব, তেনে নহয়৷ টেবুল মেনার্ছ পালনৰ নামত দামী টেবুল–চকীৰ লগত ধুনীয়া ধুনীয়া চামুচৰ ছেটৰো প্রয়োজন নাই৷ পৰিয়ালৰ সকলোৱে মিলি এখন টেবুলতে খাওঁতে কিছু নীতি–নিয়ম মানি চলিব লাগে৷
* আহাৰ খাওঁতে কেতিয়াও শব্দ কৰিব নালাগে৷ মুখখন ভর্তি কৰি মোকোৰা–মোকৰে কেতিয়াও খাব নালাগে৷ দেখিবলৈ বৰ দৃষ্টিকটু হয়৷ আহাৰ সদায় কমকৈ অথচ ভালকৈ চোবাই খাব লাগে৷ দেখাত ভাল লগাৰ লগতে এনেদৰে খোৱাটো স্বাস্থ্যসন্মত বিধি৷
* বহুতৰে অভ্যাস খাওঁতে উচ্চস্বৰে কথা কোৱাৰ৷ এনে কৰোঁতে কেতিয়াবা খোৱা খাদ্য মুখৰ পৰা ওলাই আহে৷ খাই থাকোঁতে ঢ়েকঢ়েকাই হঁহা অনুচিত৷
* এই কামটো কৰিবলৈ লাজ লাগিলেও কেতিয়াবা আইনা এখন সন্মুখত লৈ খাওকচোন৷ নিজৰ ভুলবোৰ চকুত পৰিব৷ তেতিয়া সেই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিব৷ খাই থাকোঁতে কাহ বা হাঁচি আহিব খুজিলে পৰাপক্ষত খোৱাৰ টেবুলৰ পৰা আঁতৰি আহিব লাগে৷ আহাৰ খাওঁতে সাৱধান হ’ব যাতে লগত খোৱাসকল বিৰক্ত নহয়৷
* খোৱা টেবুলৰ কাষত মুখ ধোৱা বেচিন থাকিলে আনে খাই থকা অৱস্থাত খক–খাক কৰি মুখ ধুব নালাগে৷ যদি তেনেদৰেই মুখ ধোৱাৰ অভ্যাস আছে, তেন্তে সকলোৰে খোৱা হোৱালৈ বাট চাওক৷
* টেবুল মেনার্ছ ঘৰৰ সকলোৰে বাবে প্রযোজ্য কৰি তোলক৷ সৰু ল’ৰা–ছোৱালীকো এনে নিয়ম পালিবলৈ বাধ্য কৰাওক৷ বহু মাতৃয়ে সন্তানক খুৱাবলৈ কাঁহী–বাটি লৈ পিছে পিছে ঘূৰি ফুৰে৷ এনে কৰা অনুচিত৷ ছোফাত বহি খোৱা, বিছনাত বহি খোৱা অনুচিত৷ টিভি চাই খোৱাৰ অভ্যাস পৰিত্যাগ কৰিব৷
* পাকঘৰৰ বেচিনৰ কাম শেষ হৈ যোৱাৰ পিছত ভালদৰে ধুব৷ ৰন্ধা ষ্টোভত তেলৰ দাগ বহিলে এখন কাপোৰত কেৰাচিন তেল লগাই মচি দিয়ক৷ পাকঘৰৰ টাইলছ একে নিয়মেৰে চাফা কৰিব পাৰিব৷

You might also like