নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুনত বিধ্বংসী অগ্নিকাণ্ড,অগ্নিকাণ্ডৰ ফলত অস্মিতা কাৰ ৱাছিং চেণ্টাৰৰ বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা  ১৩ ছেপ্টেম্বৰঃ- তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত আজি দিনৰ১১:০০ মান বজাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। জাগুন আৰক্ষী থানাৰ অন্তৰ্গত লাকলাত অৱস্থিত মাউণ্ট কাৰ্মেল স্কুলৰ সন্মুখৰ “অস্মিতা কাৰ ৱাছিং চেণ্টাৰ” নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খন হঠাৎ দপদপাই জ্বলি উঠে। ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ পাছফালে থকা ৰান্ধনীশালৰ লগতে গাড়ী ধুবলৈ ব্যৱহাৰ কৰা কেইবাটাও মটৰ পাম্পৰ লগতে বহু সংখ্যক সা-সামগ্ৰী জুইত ভস্মীভূত হয়। জুই লগাৰ সময়ত ঘৰটোৰ ভিতৰত কোনো লোক নথকাৰ বাবে কি কাৰণত অগ্নিকাণ্ডতো সংঘটিত হ’বলৈ পালে সেই বিষয়ে জানিব পৰা হোৱা নাই।

ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ গৰাকীৰ ভাষ্য অনুসৰি দোকান খনত সংযোগ কৰি থোৱা বৈদ্যুতিক স্বৰ্ট স্বাৰ্কিটৰ ফলতেই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত লেখাপানী আৰু জাগুন আৰক্ষীৰ লগতে অগ্নি নিৰ্ব্বাপন বাহিনীৰ লোক উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নি নিৰ্ব্বাপন বাহিনীৰ লোক সময় মতে আহি পোৱাৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱা ৰূমটোৰ পৰা বিস্ফোৰণ নোহোৱাকৈ এটা ৰন্ধন গেছৰ ছিলিণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অন্যথা আৰু এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈ ওচৰ-পাজৰৰ আন ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰো বিস্তৰ ক্ষতি সাধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হোৱাৰ অনুমান কৰিব পাৰি। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষী বাহিনীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

You might also like