নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ এপ্রিল, ব’হাগ মাহৰ ১৫ তাৰিখ

মেষঃ মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২.০৫ৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৫৷
বৃষঃপৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ মনৰ দৃঢ়তা ৰাখক, সকলো নিয়ন্ত্রণক্ষম হ’ব৷ শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই৷ বিদ্যাত উন্নতিৰ আশা দেখিলেও বাধা পাব৷ বন্ধু নিঃসংগতা৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
মিথুনঃ কোনো সম্পদৰ প্রতি নজৰ ৰাখক৷ হাতৰ পৰা সুযোগ যাতে সৰকি নাযায় সাৱধান হওক৷ কোনোৱে ভৱিষ্যতৰ বাবে আশা দেখিব৷ সন্তানৰ বাবে কিছু চিন্তা৷ দাম্পত্যতো তদ্রূপ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কর্কটঃ বল প্রয়োগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে৷ কিন্তু তাতো বৰ সফল নহ’ব৷ গতানুগতিক কামত বেছি বাধা নাই৷ দাম্পত্যত ভালেই৷ সন্তানৰ চিন্তা থাকিব৷ নতুন সংযোগত বিৰাগ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ২৷
সিংহঃ দৃঢ়মত পোষণ কৰিব সুখী হ’ব৷ কিন্তু আপোনাৰ এই মতক সকলোৱে মানি নল’ব৷ বিৰক্তি আৰু কিছুমান ব্যঞ্জিত কর্ম কৰিবলগীয়া সংযোগ পিছুৱাই পৰাত উদ্বিগ্ণতা থাকিব৷ শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ১৷
কন্যাঃ এটাৰ পিছত এটা আহুকাল এৰাব পৰা টান৷ তাৰ ভিতৰত আগৰ আহুকালেও দায়ী হ’ব৷ আপোনাৰ স্বকর্মৰ প্রতি কিছুমান অহমিকাই ভৱিষ্যতৰ উন্নতিত হেঙাৰ দিব৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৮৷
তুলাঃ মধ্যম ফল৷ কোনো বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব লগতে আপোনাৰ দক্ষতাৰ প্রতি কোনো আনুষ্ঠানিক আহ্বান আহিব৷ বিদ্যাত জটিল চিন্তা এৰাব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
বৃশ্চিকঃ কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ৷ দিনৰ ১১.৩০ বজাৰ পৰা এনে সংযোগ দেখা যায়৷ দাম্পত্যত আনন্দ৷ কিন্তু কোনো কথাৰ বাবে উৎকণ্ঠিত হোৱাৰ আশংকা৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
ধনুঃশাৰীৰিক অথন্তৰ অনুভৱ কৰিব পাৰে৷ বিশেষকৈ দুর্বল আৰু বয়সস্থসকল৷ বিদ্যাত যত্নৰ ত্রুটি নকৰিব৷ একেদৰে লাগি থকা কর্মতো পিছুৱাই নাযাব৷ আর্থিক উন্নতিত বাধা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
মকৰঃ আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ কোনো প্রশংসনীয় বিষয় বা তেনে লোকৰ লগত সুসম্বন্ধ গঢ়িব পাৰে৷ বিদ্যাত মধ্যম৷ শৰীৰ ভালে নাযাবও পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
কুম্ভঃ মনত অত্যন্ত জটিল প্রশ্ণই তোলপাৰ লগাব পাৰে৷ অৱশ্যে তাৰ বেছিভাগেই অমূলক বুলি প্রমাণিত হ’ব৷ দাম্পত্যত চিন্তা৷ মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
মীনঃ মজলীয়া হ’লেও শুভ প্রভাৱৰ সংখ্যা বৃদ্ধি৷ বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ কিন্তু নিজৰ ভৱিষ্যৎ সম্পর্র্কে চিন্তিত হোৱাৰ যোগ থাকিব৷ দুপৰীয়াৰ পৰা সাৱধান হওক৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷

You might also like