নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজত ৩ দিনঃ মিত্রজোঁটে কয়– ‘চৰকাৰ আমাৰ’ দিছপুৰ দখলৰ দাবী মহাজোঁটৰো

দেওবাৰে ভাগ্য নির্ণয় হ’ব ৯৪৬ প্রার্থীৰ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ৰাজ্যখনৰ তিনিটা পর্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত প্রায় মাহজোৰা উৎকণ্ঠাৰ অন্তত অহা ২ মে’ত হ’ব ভোটগণনা৷ ভোটগণনালৈ মাজত মাত্র তিনিটা দিন থকা অৱস্থাত আৰম্ভ হৈছে বিধানসভা নির্বাচনৰ ফলাফলৰ কাউণ্ট ডাউন৷ মন কৰিবলগীয়া এয়ে যে অসম বিধানসভা নির্বাচনৰ ভোটগ্রহণ পর্ব সমাপ্ত হোৱাৰ পাছতেই যোৱা ৯ এপ্রিলৰ পৰা ৰাজ্যখনত ক’ভিডৰ দ্বিতীয় পর্যায়ৰ সংক্রমণ আৰম্ভ হয়৷ এতিয়াও ৰাজ্যখনত ক’ভিডৰ বিভীষিকা চলি আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশৰ নির্বাচন আয়োগে অহা ২ মে’ৰ ভোটগণনা সম্পূর্ণ ক’ভিড প্রট’কল অনুসৰি অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে৷ নির্বাচনী ফলাফলৰ পাছত বিজয়ী প্রার্থীৰ বিজয় উৎসৱ নিষিদ্ধ কৰাৰ লগতে ভোটগণনাৰ দিনাও প্রার্থীৰ পৰা আৰম্ভ কৰি প্রার্থীৰ নির্বাচনী এজেণ্ট, ভোটগণনাকাৰী বিষয়া–কর্মচাৰী সকলোৱে ক’ভিডৰ নিগেটিভ ৰিপ’ট অথবা ভেকচিন গ্রহণৰ প্রমাণ–পত্র লৈহে ভোটগণনা কেন্দ্রত প্রৱেশ কৰিবলৈ কঠোৰ নির্দেশনা দিছে৷

তদুপৰি ভোটগণনা কক্ষৰ প্রত্যেকখন টেবুলৰ গণনাকাৰীসকলে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি, মাস্ক পৰিধান কৰিহে ভোটগণনা কৰাটো বাধ্যতামূলক কৰিছে৷ ভোটগণনাৰ সময় চমু চাপি অহাৰ লগে লগে নির্বাচনী যুঁজত অৱতীর্ণ হোৱা প্রার্থীসকলৰ মাজতো বৃদ্ধি পাইছে উৎকণ্ঠা৷ প্রায়সকল প্রার্থীয়ে এইকেইদিন সঘনাই কাগজ–কলম লৈ সমর্থকসকলৰ উপস্থিতিত হিচাপ–নিকাচ কৰিছে কোনটো ভোটকেন্দ্রত তেওঁ কিমান ভোট পাব৷ ইয়াৰ মাজতে একাংশ প্রার্থীয়ে নামঘৰ, মন্দিৰ, মছজিদ, গির্জা আদি উপাসনাস্থলীলৈ গৈ নেদেখাজনৰ পৰা আশীর্বাদ বিচাৰিছে৷ আনহাতে, তীব্র মানসিক চাপ, উৎকণ্ঠাত ভোগা একাংশ প্রার্থীয়ে সঘনাই চিকিৎসকৰ পৰা পৰামর্শ গ্রহণ কৰি মানসিক চাপ, ৰক্তচাপ, ছুগাৰ নিয়ন্ত্রণ দৰবো সেৱন কৰিছে৷

উল্লেখ্য যে এইবাৰ বিধানসভা নির্বাচনৰ ১২৬টা সমষ্টিত মুঠ ৯৪৬গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ যোৱা ২৭ মার্চত ৪৭টা সমষ্টিৰ বাবে অনুষ্ঠিত প্রথম পর্যায়ৰ নির্বাচনত ২৬৪গৰাকী, ১ এপ্রিলত ৩৯টা সমষ্টিৰ বাবে অনুষ্ঠিত দ্বিতীয় পর্যায়ৰ নির্বাচনত ৩৪৫গৰাকী আৰু ৬ এপ্রিলত তৃতীয় পর্যায়ৰ ৪০টা সমষ্টিৰ বাবে অনুষ্ঠিত নির্বাচনত ৩৩৭গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷ প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ৯৪৬গৰাকী প্রার্থীৰ ভিতৰত বিজেপিৰ ৯৩গৰাকী, কংগ্রেছৰ ৯৫গৰাকী, অগপৰ ২৯গৰাকী, এআইইউডিএফৰ ২০গৰাকী, অসম জাতীয় পৰিষদৰ ৮২গৰাকী, বিপিএফৰ ১২গৰাকী, ইউপিপিএলৰ ১১গৰাকী, নির্দলীয় ৩৮০গৰাকী প্রার্থী আছে৷ ভোটগ্রহণৰ দিনৰে পৰা ইভিএমত ভাগ্য বন্দী হৈ পৰা প্রার্থীসকলৰ ভাগ্য নির্ণয় হ’ব অহা দেওবাৰে হ’বলগীয়া ভোটগণনাত৷

ইপিনে, বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁট উভয় পক্ষই এইবাৰ দিছপুৰ তেওঁলোকে দখল কৰিব বুলি এই মুহূর্তলৈ দাবী কৰি আহিছে৷ মিত্রজোঁটৰ হৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, নেডাৰ আহ্বায়ক মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে দিছপুৰত পুনৰ মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি প্রবল আত্মবিশ্বাসী৷ ইয়াৰ বিপৰীতে মহাজোঁটৰ হৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল, বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীও একক সংখ্যাগৰিষ্ঠতাৰে মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি আত্মপ্রত্যয়েৰে দাবী কৰে৷ অৱশ্যে কাৰ অংক কিমান শুদ্ধ প্রমাণিত হয়, তাৰ বাবে অপেক্ষা কৰিব লাগিব অহা তিনিটা দিনলৈ৷ অহা ২ মে’ দেওবাৰে সন্ধিয়াৰ ভাগত স্পষ্ট হৈ পৰিব এইবাৰ দিছপুৰ কাৰ৷

ইফালে ভোটগণনাৰ প্রাক্ক্ষণত মহাজোঁটৰ প্রার্থীসকলক দলৰ তৰফৰ পৰা দিয়া হৈছে বিশেষ নির্দেশনা৷ ভোটগণনাৰ সময়ছোৱাত কেনেধৰণৰ সতর্কতা, সজাগতা অৱলম্বন কৰিব লাগিব, সেই সম্পর্কে দিয়া হৈছে এই নির্দেশনা৷ তিনিটা পর্যায়ত দিয়া এই নির্দেশনা অনুসৰি ইভিএমৰ ছুইচ অন কৰাৰ আগত, অন কৰাৰ পাছত আৰু ৰিজাল্ট বুটাম টিপাৰ পাছত কেতবোৰ তথ্য চাবলৈ কোৱা হৈছে৷ ইভিএমৰ ছুইচ অন কৰাৰ আগেতে প’লিং এজেণ্টৰ জৰিয়তে ভোটৰ দিনা সংগ্রহ কৰা ১৭ চি ফর্মৰ পৰা কোচিং ছীল আৰু প’লিং এজেণ্টৰ ছিগনেচাৰ, ৰিজাল্ট ছেকচন এড্রেছ টেগ ছীল আৰু প’লিং এজেণ্টৰ ছিগনেচাৰ, ষ্টেম্প ছীল ছিৰিয়েল নম্বৰ আৰু প’লিং এজেণ্টৰ ছিগনেচাৰ, স্পেচিয়েল টেগ ছিৰিয়েল নম্বৰ আৰু প’লিং এজেণ্ট ছিগনেচাৰ পৰীক্ষা কৰিবলৈ কোৱা হৈছে৷

সেইদৰে ইভিএমৰ ছুইচ অন কৰাৰ পাছত ইউনিটটোত জিলিকি উঠা তাৰিখ আৰু সময়, কণ্ড্র’ল ইউনিটৰ ছিৰিয়েল নম্বৰ ৰেণ্ডমাইজেচনৰ সময়ত পোৱা টিইউ নম্বৰৰ সৈতে মিলাই চোৱা, ন’টাৰ সৈতে মুঠ প্রার্থীৰ সংখ্যা মিলাই চাবলৈ কোৱা হৈছে৷ টিইউৰ ছিৰিয়েল নম্বৰ আৰু ভি ভি পেটৰ ছিৰিয়েল নম্বৰ ৰেণ্ডমাইজেচনৰ সময়ত জিলা নির্বাচনী বিষয়াই প্রদান কৰা কপীৰ পৰা সংগ্রহ কৰিবলৈ কোৱা হৈছে৷ একেদৰে ৰিজাল্ট বুটাম টিপাৰ পাছত ইভিএমত ভোটগ্রহণৰ তাৰিখ, সময় চোৱাৰ লগতে ১৭–চি ফর্মত উল্লেখ অনুসৰি মুঠ ভোটদানৰ সংখ্যা মেচিনৰ সৈতে মিলাই চাবলৈ কোৱা হৈছে৷ এই সকলোখিনি তথ্য সঠিকভাৱে পালেহে ভোটগণনা আৰম্ভ কৰিবলৈ দিয়াৰ বিষয়ে কোৱা হৈছে৷ সেই ক্ষেত্রত কোনো বিসংগতি দেখিলেই ৰিটার্নিং বিষয়া অথবা সহকাৰী ৰিটার্নিং বিষয়াক আপত্তি দর্শাবলৈ কোৱা হৈছে৷
৪৮ ঘণ্টা পূর্বৰ আৰটিপিচিআৰ নিগেটিভ ৰিপ’ট কৰিব লাগিব দাখিল
অহা দুই মে’ত হ’বলগীয়া বিধানসভা নির্বাচনৰ ভোটগণনাৰ বাবে বিশেষ নির্দেশনা প্রস্তুত কৰিছে নির্বাচন আয়োগে৷ এই নির্দেশনা অনুসৰি স্বাস্থ্য বিভাগে জাৰি কৰা এছ অ’ পিত ভোটগণনা কেন্দ্রত প্রার্থী আৰু নির্বাচনী এজেণ্টে ক’ভিড নিগেটিভ ৰিপ’ট দেখুৱাইহে প্রৱেশ কৰিব পাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে৷ প্রার্থী আৰু নির্বাচনী এজেণ্টে আৰ টি পি চি আৰৰ নিগেটিভ ৰিপ’ট ভোটগণনাৰ ৪৮ ঘণ্টা পূর্বৰ হ’ব লাগিব৷ অর্থাৎ প্রার্থী আৰু এজেণ্টে ৩০ এপ্রিলত ক’ভিড টেষ্টৰ ৰিপ’ট সংগ্রহ কৰি দাখিল কৰিব লাগিব৷ নতুন এছ অ’ পিত ইয়াকো স্পষ্ট কৰি দিয়া হৈছে যে ভোটগণনাত জড়িত কাউণ্টিং বিষয়াসকলৰো ক’ভিড ৰিপ’ট নিগেটিভ হ’ব লাগিব৷ এইক্ষেত্রত কোন প্রার্থী, এজেণ্ট অথবা কাউণ্টিং বিষয়াই ক’ভিড ভেকচিন লৈছে, তাৰ এক প্রমাণ–পত্রও দাখিল কৰিব লাগিব৷ আনহাতে, কোনো প্রার্থী অথবা এজেণ্টে যদি দুটা ড’জ ক’ভিড ভেকচিন লৈছে, তেওঁলোকেও আৰ টি পি চি আৰ ক’ভিড নিগেটিভ ৰিপ’ট লৈহে ভোটগণনা কেন্দ্রত প্রৱেশ কৰিব পাৰিব৷ এইক্ষেত্রত জিলা নির্বাচনী বিষয়াই প্রার্থী আৰু এজেণ্টসকলৰ আৰ টি পি চি আৰ আৰু ৰেপিড এণ্টিজেন টেষ্টৰ সুবিধা কৰি দিব লাগিব৷

ইফালে ভোটগ্রহণ কেন্দ্রৰ বাহিৰত কোনোধৰণৰ ভিৰ হ’ব দিয়া নহ’ব বুলি এছ অ’ পিত স্পষ্ট কৰি দিয়া হৈছে৷ দেশৰ নির্বাচন আয়োগে এই সন্দর্ভত ভোটগণনা হ’ব লগা প্রতিখন ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াক এইক্ষেত্রত কিছু নির্দেশনাও স্পষ্ট কৰি দিছে৷ সেই অনুসৰি ভোটগণনা কেন্দ্র যথেষ্ট আহল–বহল হ’ব লাগিব, যাতে ভোটগণনাৰ ক্ষেত্রত সামাজিক দূৰত্ব বজাই ৰাখিব পাৰি আৰু ভোটগণনা কেন্দ্রৰ বায়ু চলাচল সুচল হৈ থাকে৷ ভোটগণনাৰ দিনা ই ভি এম ছেনিটাইজাৰৰ লগতে টেবুল আৰু বহা চকী বা আন সামগ্রীসমূহো ছেনিটাইজ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ভোটগণনা কেন্দ্রত প্রতিজন প্রার্থী তথা এজেণ্টৰ শৰীৰৰ উষ্ণতা জোখাৰ ব্যৱস্থা কৰাৰ লগতে হাত ধোৱাৰো ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়া হৈছে৷ যিসকল বিষয়া তথা কর্মচাৰীক ভোটগণনাৰ বাবে নিয়োজিত কৰা হৈছে, সেইসকলৰ যদি কোনো অসুস্থ হৈছে, ততালিকে তেওঁক সলনি কৰি আন এজনক দায়িত্ব দিয়াৰ নির্দেশনা দিয়া হৈছে এছ অ’ পিৰ জৰিয়তে৷ ভোটগণনা কেন্দ্রত প্রতিজনে মাস্ক, ফেচ শ্লাইডাৰ, হেণ্ড গ্ল’ভ্ছ, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব৷ এছ অ’ পিৰ জৰিয়তে পুনৰ স্পষ্ট কৰি দিয়া হৈছে যে বিজয়ী হোৱা প্রার্থীয়ে তেওঁ জয়ৰ প্রমাণ–পত্র সংগ্রহ কৰাৰ সময়ত দুজনতকৈ অধিক লোক তেওঁৰ লগত থাকিব নোৱাৰিব৷

You might also like