নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ পুৱা দহটালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ৷ ঘৰুৱাত শুভকর্ম সম্পাদন৷ শৰীৰ সম্পর্কে সচেতন থাকক৷ আর্থিকত মজলীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
বৃষঃ কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ৷ বিদ্যাতো বেয়া নহ’ব৷ জ্ঞাতি–কুটুম্বৰ চিন্তা থাকিব৷ বর্তমান পৰিৱেশৰ কথা ভাবি ফুৰা–চকাত নিজে সতর্ক থাকক৷ বন্ধুৰ সংগত সুখ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
মিথুনঃ পঢ়া–শুনাত মন বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ লগত সদ্ভাৱ মজলীয়া৷ বন্ধুবর্গৰ সংগ বা আগমন৷ ব্যৱসায়ত চিন্তা কম৷ আর্থিক ব্যয় হ’লেও প্রয়োজনীয় কাৰণ থাকিব৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷
কর্কটঃ আর্থিকত খা–খৰচ বৃদ্ধি৷ বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব৷ কিবা পৰিৱর্তনৰ নতুনত্ব অনুভৱ৷ বিদ্যাত যত্ন ৰাখক৷ অবাবত চিন্তাৰে সময় নষ্ট নকৰিব৷ সু–সংবাদ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
সিংহঃ কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়৷ মনৰ অৱস্থা মধ্যম৷ কোনো কাৰণে মনত দুখ আহিব পাৰে৷ বিদ্যাত বেয়া দেখা নাযায়৷ প্রেমত দুর্ভাবনা থাকিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
কন্যাঃ বৰ উন্নত দিন নহ’ব৷ এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব৷ অবাবত কাৰো প্রতি খং কৰি লাভ নাই বুলি পিছত বুজিব৷ উদ্বিগ্ণতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷
তুলাঃ যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে৷ বিদ্যাত অনুকূল পৰিৱেশ৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃশ্চিকঃ কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল৷ যিদৰে কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব৷ বিদ্যাত সিমান বেয়া দেখা নাযায়৷ নতুন সংযোগৰ আশা৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷
ধনুঃ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–শুনা কৰি ল’ব৷ নতুন উদ্যম৷ আর্থিকত খৰচ বৃদ্ধি৷ প্রেম–প্রীতিত মধ্যম৷ পঢ়া–শুনাত খেলিমেলি থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
মকৰঃ আজি পূর্ব দিনতকৈ উন্নত৷ মনত দঢ়তা থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ উপৰুৱা ব্যৱসায়ত অনুকূলতা৷ বিদ্যাত যত্ন ৰাখক৷ মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ৷ ভ্রমণৰ যোগ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷
কুম্ভঃ আর্থিকত হাত ধৰি চলক৷ বন্ধু–বান্ধৱৰ লগত সদ্ভাৱ ৰাখিবলৈ সক্ষম হ’ব৷ আজি পূর্ব দিনৰ তুলনাত কিছু উন্নত৷ শৰীৰৰ আহুকালো কমিব৷ বাহ্যিক কথাত কিছু ব্যস্ত থাকিব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৪৷
মীনঃ আকস্মিক কোনো সুযোগ বা সহায়–সহযোগিতাৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পর্কে চিন্তা৷ বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়৷ নতুন যোগাযোগত অনুকূল আশা৷ বিদ্যাত বেয়া দেখা নাযায়৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

You might also like