নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱাক সকাহঃ সকলো বিভাগৰ একেটা শ্রেণীৰ পদ এটা পৰীক্ষাৰেই পূৰণৰ ব্যৱস্থা চৰকাৰৰ

এক লাখ পদৰ নিযুক্তিক লৈ দিছপুৰৰ তৎপৰতা

নিয়মীয়া বাৰ্তা ৭ জুনঃ অসমত বিভিন্ন বিভাগৰ একেটা শ্রেণীৰ পদৰ বাবে এতিয়া আৰু নিবনুৱাসকলে পৃথক পৃথককৈ পৰীক্ষাত অৱতীর্ণ হ’ব নালাগিব৷ পূর্বতে বিভিন্ন বিভাগৰ খালী পদসমূহৰ বাবে বাৰে বাৰে আবেদন কৰা, পৰীক্ষাৰ বাবে অযথা দৌৰাদৌৰি কৰিবলগীয়া প্রত্যক্ষ কৰি এইক্ষেত্রত তেওঁলোকক কিছু সকাহ দিয়াৰ চিন্তা–চর্চা কৰিছে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন নতুন চৰকাৰখনে৷’ –এই মন্তব্য পঞ্চায়ত মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ৷

চৰকাৰী চাকৰিৰ নিযুক্তিক লৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা তৎপৰতা সন্দর্ভত আজি পাঠশালাত মন্ত্রী দাসে কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয় যে ৰাজ্যত হ’বলগীয়া সকলো বিভাগৰ নিযুক্তি মুখ্যমন্ত্রী ড০ শর্মাৰ পৰামর্শ অনুযায়ী এটা পৰীক্ষাৰ দ্বাৰাই সম্পাদন কৰি নিবনুৱাসকলৰ হাৰাশাস্তি কমোৱা হ’ব৷ অতি শীঘ্রেই ঘৰে ঘৰে পাইপেৰে পানী যোগানৰ ব্যৱস্থা কৰাৰ বাবে জলজীৱন মিছনত ১১১টা কনিষ্ঠ অভিযন্তাৰ পদত নিযুক্তি দিয়াৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগতো ১৭১টা কনিষ্ঠ অভিজন্তা আৰু সহকাৰী অভিজন্তা পদত নিযুক্তি দিয়া হ’ব বুলিও তেওঁ সদৰী কৰে৷

উল্লেখ্য যে বজালীৰ অভিভাৱক স্বৰূপ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমাজ সংগঠক সম্পূর্ণানন্দ তালুকদাৰৰ বিয়োগৰ পাছতেই তেওঁৰ বাসগৃহত আজি উপস্থিত হয় মন্ত্রী ৰঞ্জিত কুমাৰ দাস৷ মন্ত্রীগৰাকীয়ে প্রয়াত তালুকদাৰৰ পাঠশালাৰ জ্যোতিনগৰস্থিত বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ প্রতিচ্ছবিত পুষ্পঞ্জলি অর্পণ কৰি শ্রদ্ধা নিবেদন কৰে৷ তালুকদাৰৰ বিয়োগ বজালী তথা অসমৰ বাবে এক অপূৰণীয় ক্ষতি বুলি দুখ প্রকাশ কৰি কয় যে প্রয়াত তালুকদাৰ কেৱল এজন ব্যক্তিয়েই নহয়, তেওঁ আছিল এক অনুষ্ঠান৷ বিশিষ্ট শিক্ষাবিদজনে কেৱল নিজৰ বাবে উপার্জন নকৰি তেওঁৰ আয়ৰ এক বৃহৎ অংশ সমাজৰ বাবে খৰচ কৰিছিল৷ তেওঁ যিখন পাঠশালা মহাবিদ্যালয় স্থাপন কৰিছিল, তাৰ কর্মচাৰীসকলক প্রাথমিক অৱস্থাত তেওঁ নিজে পোৱা দৰমহাৰ টকা বিলাই দিছিলে৷ দাসৰ জৰিয়তে মুখ্যমন্ত্রী ড০ শর্মায়ো প্রয়াত তালুকদাৰলৈ শ্রদ্ধাঞ্জলি অর্পণ কৰি পৰিয়ালৰ দুখৰ সমভাগী হোৱা বুলি তেওঁ ব্যক্ত কৰে৷

ইয়াৰ পাছতে দাসে দুদিন পূর্বে মৃত্যুবৰণ কৰা পাঠশালাৰ ব্যৱসায়ী উত্তৰপট্টি নিৱাসী ৰামনিৱাস আগৰৱালাৰ উপৰি কৰোনাক্রান্ত হৈ মৃত্যুবৰণ কৰা ক্রমে পাঠশালাৰ ঔষধৰ ব্যৱসায়ী ষ্টেচন ৰোড নিৱাসী দিলীপ আগৰৱালা, দৈশিঙৰী গাঁৱৰ হৰপতি দাস, সাউৰাৰ যাদৱ চৌধুৰী, অসম আৰক্ষী বেটেলিয়নত কর্মৰত গোবিন্দপুৰৰ উদয় দাসৰ গৃহত উপস্থিত হৈ মৃতকলৈ শ্রদ্ধা জনাই পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ আনহাতে কিছুদিন পূর্বে চাংসাৰিত ৰে’লৰ খুন্দাত মৃত্যু হোৱা বজালীৰ বৰ সাদেৰী গাঁৱৰ দিন হাজিৰা কৰি চলা পৰিয়ালৰ সন্তান সঞ্জয় ৰয়ৰ গৃহত উপস্থিত হৈ মন্ত্রী দাসে পৰিয়ালটোৰ একমাত্র উপার্জনকাৰী ব্যক্তিজনৰ মৃত্যুত শোক প্রকাশ কৰি প্রয়াত সঞ্জয়ৰ একমাত্র ভাতৃ দিগন্ত দাসক শীঘ্রে সংস্থাপন দিয়াৰ কথা ঘোষণা কৰে৷ মন্ত্রী দাসৰ আজিৰ এই কার্যসূচীসমূহত তেওঁৰ স’তে উপস্থিত থাকে পূব বজালী জিলা পৰিষদৰ সদস্য ৰঞ্জিত শালৈ, বিজেপিৰ বজালী জিলা সভাপতি নগেন চৌধুৰী, বিজেপি নেতা গণেশ চৌধুৰী, খনীন দাস আদি দলীয় কর্মীসকলে৷

You might also like