নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ এপ্রিল, চ’ত মাহৰ ২৬ তাৰিখ

মেষঃ ঘৰুৱাত অস্থিৰতা কিছু পাতলিব৷ নতুন কোনো সংযোগত আহুকাল৷ শৰীৰ মধ্যম৷ আর্থিকত আবেদনকাৰীৰ সুযোগ৷ বিবাহৰ যোগ৷ শুভ ৰং বগা, সংখ্যা ৭৷
বৃষঃ পুৱা দহটাৰ পৰা শুভ কর্মাদিত আগনবঢ়াই ভাল৷ আর্থিকত মজলীয়া ফল পাব৷ মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব৷ প্রেমত বাধা৷ শুভ ৰং ৰঙা, সংখ্যা ৫৷
মিথুনঃ গধূৰ পৰিৱেশ যেন অনুভৱ হ’ব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ ভ্রমণত সমস্যা থাকিব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, সংখ্যা ২৷
কর্কটঃ কর্মক্ষেত্রত দক্ষতা দেখুৱাব পাৰিব৷ ভ্রমণৰ ইচ্ছা কৰিলে সুযোগ পাব৷ মামলা–মোকর্দমাত জয়ী হোৱাৰ সম্ভাৱনা৷ নাৰীৰ শুভ দিন৷ ৰং বগা, সংখ্যা ১৷
সিংহঃ অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ আর্থিকত মধ্যম ফল পাব৷ বিদ্যাত সফলতা পাব৷ প্রেমত আৱেগিকতা বর্জনীয়৷ ৰং সেউজীয়া, সংখ্যা ৩
কন্যাঃ শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই৷ চাকৰিয়ালৰ কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ বন্ধুবর্গৰ পৰা প্রতাৰিত হ’ব পাৰে৷ ৰং হালধীয়া, সংখ্যা ৪৷
তুলাঃ আর্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যাত পাৰিপার্শ্বিক বাধা থাকিব৷ প্রেমত দুশ্চিন্তা৷ ৰং মেৰুণ, সংখ্যা ৯৷
বৃশ্চিকঃ কিছু পৰিমাণে মনটো ফৰকাল থাকিব৷ কর্মক্ষেত্রত দক্ষতাৰে আগুৱাব পাৰিব৷ বিদ্যাত মধ্যম৷ আর্থিকত মজলীয়া অগ্রগতি৷ শুভ ৰং কমলা, সংখ্যা ৪৷
ধনুঃ নাৰীৰ বাবে দিনটো শুভ৷ মাটি–বাৰীৰ সম্পর্কে সু–সংবাদ লাভ কৰিব৷ বিদ্যাত শুভ৷ ভ্রমণ কৰিব পাৰে৷ ঘৰুৱা শুভ৷ শুভ ৰং ক্রীম, সংখ্যা ১৷
মকৰঃ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল পাব৷ সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব৷ শৰীৰৰ প্রতি অৱজ্ঞা নকৰিব৷ সন্তানৰ ভালেই৷ শুভ ৰং বগা, সংখ্যা ৭৷
কুম্ভঃ কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ বিদ্যার্থীৰ বাবে দিনটো বেয়া নহ’ব৷ প্রেম–প্রণয়ত শুভ৷ ৰং কমলা, সংখ্যা ২৷
মীনঃ কোনো সংবাদত মিশ্রিত প্রতিক্রিয়া হ’ব পাৰে৷ বিদ্যাতো ভালে নাযাব৷ দাম্পত্যত ভবামতে সুখী নহ’ব৷ শৰীৰ মধ্যম৷ ৰং চকলেট, সংখ্যা ৩৷

You might also like