নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰীক প্রতিহত কৰিবলৈ ‘ক’ৰোনা কার্ফিউ’ বলৱতৰ ইংগিত প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ ক’ভিড–১৯ৰ প্রথম জোৱাৰতকৈ দ্বিতীয় জোৱাৰ অতি ভয়াৱহ৷ প্রথমৰ অভিজ্ঞতা প্রয়োগ কৰিব লাগিব৷ পৃথিৱীত নৈশ সান্ধ্য আইন বলৱৎ সফল হৈছে৷ নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন৷ অর্থাৎ ইয়াক ক’ৰোনা কার্ফিউ হিচাপে বলৱৎ কৰাৰ প্রাসংগিকতা আছে৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে ভয়াৱহ ৰূপ লোৱাৰ সময়ত বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ মুখ্যমন্ত্রীসকলৰ সৈতে ক’ভিড–১৯সৃষ্ট পৰিস্থিতিক লৈ আলোচনাৰ অন্তত এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ প্রত্যক্ষভাৱে নক’লেও পৰোক্ষভাৱে প্রধানমন্ত্রী মোদীয়ে দেশত ক’ৰোনা কার্ফিউ বলৱতৰ ইংগিত দিয়ে৷

বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হোৱা মুখ্যমন্ত্রীসকলৰ সৈতে হোৱা বৈঠকত প্রধানমন্ত্রী মোদীয়ে মুখ্যমন্ত্রীসকলৰ পৰা ৰাজ্যৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক’ভিডক লৈ পদক্ষেপ সন্দর্ভত পৰামর্শ গ্রহণ কৰে৷ ইয়াৰ পাছতেই প্রধানমন্ত্রীগৰাকীয়্ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত দেশবাসীয়ে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰিব লাগিব, সেই সন্দর্ভত মন্তব্য কৰাৰ লগতে ৰাজ্যসমূহকো পাঁচ তৰপীয়া ব্যৱস্থা গ্রহণৰ পৰামর্শ দিয়ে৷ দেশে আকৌ এবাৰ প্রত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে পৰৱর্তী দুই–তিনি সপ্তাহ অতি সাৱধান হ’ব লাগিব৷ ক’ৰোনাক এই সময়তে নিয়ন্ত্রণ কৰিব লাগিব৷ বিগত বর্ষত অর্থাৎ প্রথম পর্যায়ৰ ক’ৰোনাত দেশবাসীয়ে যিদৰে প্রতিহত কৰি সফল হৈছিল, সেই অভিজ্ঞতা প্রয়োগ কৰিব লাগিব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ প্রথম পর্যায়ত ক’ৰোনাক নিয়ন্ত্রিত কৰি ৰখাৰ পাছত দেশৰ জনতা বহু অসাৱধান হৈছিল৷ তেনেদৰে প্রশাসনেও ক’ৰোনাক লৈ শিথিল হৈছিল৷ এনে কাৰণতেই ক’ৰোনাৰ পুনৰ প্রাদুর্ভাৱ হৈ দেশৰ পৰিস্থিতি ভয়াৱহৰ দিশে আগবঢ়াৰ শংকা প্রকাশ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজ্যসমূহে মহামাৰী প্রতিহত কৰিবলৈ হ’লে পৰীক্ষণ অধিক কৰিব লাগিব৷

প্রতিখন ৰাজ্যই আৰ টি–পি চি আৰ পৰীক্ষণ অতি কমেও ৭০ শতাংশ কৰিব লাগিব৷ পৰীক্ষণটোৰ অসাৱধানতা ইতিমধ্যে দৃষ্টিগোচৰ হৈছে৷ সেয়া আঁতৰ কৰিব লাগিব৷ সঠিক ধৰণে নমুনা সংগ্রহ কৰিব লাগিব৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয়– ভাইৰাছ তেতিয়াহে প্রতিহত হ’ব, যেতিয়া চিনাক্ত কৰিব পৰা যাব৷ এইক্ষেত্রত ৰাজ্যসমূহে পৰীক্ষণ বৃদ্ধি কৰিবই লাগিব৷ আক্রান্ত ৰোগীৰ সংস্পর্শলৈ অহা অতি কমেও ৩০জনক ট্রেছ কৰিব লাগিব৷

আনহাতে, মহামাৰী ভাইৰাছটোক প্রতিহত কৰিবলৈ প্রতিজন নাগৰিকে অলসতা আঁতৰ কৰিব লাগিব বুলি মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে কয়– অহা ১১–১৪ এপ্রিলৰ ‘টিকা উৎসৱ’ত ৪৫ ঊর্ধ্বৰ সকলো ব্যক্তিয়ে ভেকচিন ল’ব লাগে৷ প্রতি যুৱই মাস্ক পৰিধান কৰিব লাগিব৷ তেনেদৰে ক’ৰোনাক লৈ ৰাজনীতি কৰা উচিত নহয় বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– আৰম্ভণিৰে পৰা ঘাতক ক’ভিড–১৯ক প্রতিহত কৰাৰ বাবে তেওঁৰ চৰকাৰে অহোপুৰুষার্থ কৰি আহিছে৷ এইক্ষেত্রত ৰাজনীতি কৰা নাই৷ গতিকে কোনেও ৰাজনীতি কৰা উচিত নহয়৷ উল্লেখ্য যে দেশৰ মুখ্যমন্ত্রীসকলৰ সৈতে প্রধানমন্ত্রী মোদীয়ে বার্তালাপ কৰাৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশত ৭ কোটিতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে বুলি মন্তব্য কৰে৷ এই বৈঠকত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষৱর্ধনকে ধৰি শীর্ষ বিষয়াসকলে অংশগ্রহণ কৰে৷

You might also like