নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিন লোৱাৰ আগত আৰু পিছত কি কৰিব লাগে আৰু নালাগে … জানক UNICEFৰ গাইডলাইন

নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ পুনৰ এবাৰ কৰোনাৰ দ্ৰুত সংক্ৰমণ হৈছে দেশত। এতিয়া সকলোৰে আশা ভেকচিনৰ ওপৰত। সেইবাবে চৰকাৰে অহা ১ মেৰ পৰা ১৮ বছৰৰ সকলো লোকক ভেকচিন লবলৈ মঞ্জুৰি প্ৰদান কৰিছে। কিন্তু ভেকচিনক লৈ এতিয়াও বহুতৰ মনত সন্দেহ ভাব আছে। UNICEF ৰ স্বাস্থ্য কৰ্মী সকলে এই সন্দৰ্ভত জানিবলৈ দিয়ে যে ভেকচিন লগোৱাৰ সময়ত আৰু তাৰ পিছত বহুকেইটা কথাত গুৰুত্ব প্ৰদান কৰিব লাগে।

ভেকচিন লোৱাৰ চেণ্টাৰত যাওঁতে প্ৰথমে নাক আৰু মুখ ঢাকি লোৱা মাস্ক পিন্ধিব লাগে। ভেকচিন লোৱাৰ আগতে কিছুমান বস্তু নিজৰ লগত ৰাখিব লাগে যেনে ছেনিটাইজাৰ নিজৰ পৰিচয় পত্ৰ ধৰি আৱশ্যকীয় নথি পত্ৰ। আৰু ভেকচিন চেণ্টাৰলৈ যাওতে অলপ ঢিলা কাপোৰ পিন্ধি যাব লাগে যাতে স্বাস্থ্য কৰ্মী সকলে ভেকচিন দিওতে কোনো অসুবিধা নহয়। যদি কোনোবাই প্ৰথমতেই কিবা বেমাৰৰ ঔষধ খাই আছে তেতিয়া তাত থকা স্বাস্থ্য কৰ্মী সকলক ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য দিব লাগে।

যদি ভেকচিনৰ লোৱাৰ আগতে কৰোনাৰ লক্ষণ দেখা পাইছে তেতিয়া ভেকচিন ল’ব নালাগে। ১৪ দিনৰ পিছত কৰোনাৰ লক্ষণ শেষ হোৱাৰ পিছত ভেকচিন লোৱাৰ কথা চিন্তা কৰিব লাগে।

ভেকচিন চেণ্টাৰত উপস্থিত থাকোতে কিবা বস্তু স্পৰ্শ কৰিলে লগে লগে ছেনিটাইজ কৰিব লাগে।

ভেকচিন লগোৱাৰ সময়ত অলপ বিষ হ’ব পাৰে। যদি ভয় খাই তেতিয়া চিন্তা কৰিব লাগে যে অলপ বিষ সহ্য কৰিলেই নিজৰ জীৱন বাচিব পাৰে।

ভেকচিনৰ লগোৱাৰ পিছত তাৰ পাৰ্শক্ৰিয়া স্বাভাৱিকতে থাকিব। এই পাৰ্শক্ৰিয়াই মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে। ভেকচিন লোৱাপ পিছত বিষ, ঠাণ্ডা লগা অথবা সাধাৰণ জ্বৰ, মাংসপেশীৰ বিষ হব পাৰে কিন্তু কেইদিন মানৰ পিছত পুনৰ ভাল হৈ যাব।

যদি গভীৰ পাৰ্শক্ৰিয়া যেনে খজুৱতি, মূৰ্ছা যোৱা, এলাৰ্জী, উশাহ লওতে সমস্যাৰ সৃষ্টি হোৱা তেতিয়া হ’লে স্বাস্থ্য কৰ্মীক জনাব লাগে।

আনহাতে ভেকচিন লোৱাৰ পিছতো সাৱধনা অৱলম্বন কৰিব লাগে।  মাস্ক পিন্ধাৰ লগতে ছেনিটাইজ ব্য়ৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে।

You might also like