নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত শনি–দেওবাৰে লকডাউন, নৈশ সান্ধ্য আইন ঘোষণা

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ক’ভিড–১৯ৰ সংক্রমণ দ্রুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত উত্তৰ প্রদেশ চৰকাৰে শনি আৰু দেওবাৰ তথা সপ্তাহান্তিক লকডাউন ঘোষণা কৰিছে৷ ইপিনে সপ্তাহান্তিক নৈশ সান্ধ্য আইনৰ প্রসাৰণ ঘটাই অহা ২৩ এপ্রিলৰ পৰা প্রতিদিনে নৈশ সান্ধ্য আইনৰ ঘোষণা কৰিছে৷ সেই মর্মে ২৩ এপ্রিলৰ সন্ধিয়া ৮ বজাৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ হ’ব৷ ৰাজ্যখনৰ ৭৫খন জিলাতেই নৈশ সান্ধ্যআইন বলৱৎ হ’ব৷

গৃহ বিভাগৰ অতিৰিক্ত মুখ্যসচিব অৱনিশ কে অৱস্থিয়ে আজি এই নির্দেশনা জাৰি কৰি লকডাউন আৰু নৈশ সান্ধ্য আইনৰ ব্যৱস্থাত সকলো অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া বুলি উল্লেখ কৰিছে৷ আনপিনে তেলেংগানাতো ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি হৈ আছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হৈ নিজা বাসভৱনত চিকিৎসকৰ নিৰীক্ষণত আছে৷

ক’ভিড সংক্রমণৰ মাত্রা বর্ধিত হোৱাৰ বাবে মঙলবাৰৰে পৰা অহা ১ মে’ লৈকে সমগ্র ৰাজ্যখনতে নৈশ সান্ধ্য আইন ঘোষণা কৰিছে৷ নির্দেশনা অনুসৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব৷ উল্লেখ্য যে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মহামাৰী প্রতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ নকৰাক লৈ ভর্ৎসনা কৰাৰ পিছতে চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷

You might also like