নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰতাঃ স্বচ্ছ ভাৰত অভিযানৰ শৌচালয় হ’লগৈ পাকঘৰ !

পাৰ্থৱ শইকীয়া

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ স্বচ্ছ ভাৰত অভিযানৰ অধীনত দেশত নিৰ্মাণ কৰা শৌচালয়ৰ ক্ষেত্ৰত হয়তো আপুনি এনে ঘটনা কেতিয়াও শুনা নহয় । এই নোহোৱা-নোপজা ঘটনাই সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ ৱাৰাবাংকিৰ আকানপুৰ গাঁৱত । এটা অতি দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ পৰা লাভ কৰা এই শৌচালয়কে এতিয়া ব্যৱহাৰ কৰিছে পাকঘৰ ৰূপে । থাকিবলৈ এটা উপযুক্ত ঘৰ নথকা পৰিয়ালটোৱে পাকঘৰ ৰূপে ব্যৱহাৰ কৰা এই শৌচালয়ে এতিয়া দেশজুৰি লাভ কৰিছে বিশেষ চৰ্চা ।

পৰিয়ালটোৰ গৃহিণী মালতীয়ে জনোৱা অনুসৰি, ‘আমি এই ঘৰটো অথবা শৌচালয়টো শৌচালয়ৰূপে ব্যৱহাৰ কৰিব নোৱাৰো কিয়নো আমাৰ এটা বসবাস কৰাৰ বাবে এটা উপযুক্ত বাসগৃহ নাই । অৱশ্যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত লাভ কৰা এই শৌচালয়টোক পাকঘৰ ৰূপে ব্যৱহাৰ কৰি আমিও অস্বত্বিত ভুগিছো । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকক ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে যদিও আমি বঞ্চিত হৈ আছোঁ এই ঘৰৰ পৰা । গতিকে এই শৌচালয়ক পাকঘৰ ৰূপে ব্যৱহাৰ কৰি আমি মুকলিতে মলত্যাগ কৰি আছোঁ ।’

ইফালে , মালতীৰ স্বামী ৰামপ্ৰকাশে কয় যে, ‘চৰকাৰীভাৱে লাভ কৰা এই শৌচালয়ক পাকঘৰ ৰূপে ব্যৱহাৰ কৰাতো আমাৰ ভুল হৈছে । তথাপিও কিন্তু আমি কৰিম কি ? এবছৰৰ পূৰ্বৰে পাৰ আমাক এই শৌচালয়কে পাকঘৰ ৰূপে ব্যৱহাৰ কৰি আহিছো ।’

সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকে জিলা দণ্ডাধীশক এই কথা অৱগত কৰোৱাৰ পাচতেই এই পৰিয়ালটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিসকল হিতাধিকাৰীয়ে গৃহ লাভ কৰিব লাগে সেইসকলক গৃহৰ আৱণ্টন দিয়া হৈছে বুলিও কয় বিষয়াগৰাকীয়ে । লগতে ৰামপ্ৰকাশৰ পৰিয়ালৰ তৰফৰ বৰ্তমানলৈকে গৃহ আৱণ্টন বিচাৰি কোনো আবেদন লাভ নকৰা বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে । তেনে পৰিপ্ৰেক্ষিতত দেশজুৰি চৰ্চিত হোৱা এই বাতৰিৰ পাচত এতিয়া বিভাগীয় কৰ্তৃপক্ষই কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব ।

You might also like