নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ দৰিদ্র দেশৰ তালিকাৰ শীর্ষত জিম্বাব’ৱে

নিয়মীয়া বাৰ্তা, ২৫ মে’: বিশ্বৰ ১৫৭ দেশক সাঙুৰি লৈ প্রখ্যাত অর্থনীতিবিদ ষ্টিভ হাংকে প্রকাশ কৰা বার্ষিক দাৰিদ্র্যসূচক তালিকাত শীর্ষস্থানত আছে জিম্বাব’ৱে৷ বিশ্বৰ সবাতোকৈ দৰিদ্র দেশ হিচাপে পৰিগণিত হৈছে জিম্বাব’ৱে৷ ইয়াৰ পিছতে স্থান লাভ কৰিছে ভেনিজুৱেলা, চিৰিয়া, লেবানন, ছুডান, আর্জেণ্টিনা, য়েমেন, ইউক্রেইন, কিউবা, তুৰস্ক, শ্রীলংকা, হাইটি, এংগোলা, টংগা আৰু ঘানাই৷ যুদ্ধবিধ্বস্ত ইউক্রেইন, চিৰিয়া আৰু ছুডানৰ লেখীয়া দেশসমূহত মুদ্রাস্ফীতি আকাশলংঘী হোৱাৰ বাবেই আফ্রিকান দেশসমূহক দাৰিদ্র্য সূচকত অতিক্রম কৰিছে৷ মুদ্রাস্ফীতি, নিবনুৱা সমস্যা বৃদ্ধি, ধাৰৰ হাৰ বৃদ্ধি, জি ডি পি বিকাশৰ হাৰ নিম্নগামী হোৱাৰ বাবেই জিম্বাব’ৱে সবাতোকৈ দৰিদ্র দেশ হিচাপে পৰিগণিত হৈছে৷ ইপিনে, এই তালিকাত ভাৰতৰ স্থান হৈছে ১০৩৷ নিবনুৱা সমস্যাই ভাৰতক দৰিদ্র দেশৰ তালিকা ১০৩নং স্থান দিছে৷

You might also like