নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডতকৈও ভয়াৱহ মহামাৰীৰ বাবে সাজু হওক বিশ্ব

নিয়মীয়া বাৰ্তা, ২৫ মে’: পৰৱর্তী ঘাতক মহামাৰীৰ বাবে বিশ্বক সাজু হৈ থাকিবলৈ সতর্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্র’ছ আধানম গেব্রেয়েছাছৰ৷ জেনেভাত ৭৬সংখ্যক বিশ্বস্বাস্থ্য অধিৱেশনত ‘হু’ৰ মুৰব্বী টেড্র’ছ আধানম গেব্রেয়েছাছে বিশ্বৰ মানৱ স্বাস্থ্য সন্দর্ভত প্রতিবেদন দাখিল কৰি পৰৱর্তী মহামাৰী সন্দর্ভত বিশ্ববাসীক সাজু হ’বলৈ আহ্বান জনায়৷ ‘হু’ৰ মুৰব্বীগৰাকীয়ে কয় যে ক’ভিড–১৯ৰ আন্তর্জাতিক স্বাস্থ্য জৰুৰী সামৰণি পৰিছে যদিও ক’ভিড–১৯ক লৈ গোলকীয় স্বাস্থ্য ভাবুকি এতিয়াও সমাপ্তি হোৱা নাই৷ বিশ্বজুৰি ক’ভিড–১৯ৰ সংক্রমণ সুস্থিৰ হৈছে যদিও পৰৱর্তী মহামাৰী ক’ভিড–১৯তকৈও ভয়াৱহ হ’ব৷ নতুন ভয়াৱহ ভাইৰাছ প্রজাতিৰ প্রাদুর্ভাৱে আক্রান্তৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি কৰিব৷ যেতিয়াই পৰৱর্তী মহামাৰীৰ আৰম্ভণি ঘটিব তেতিয়াই বিশ্বৰ দেশমূহে সন্মিলিতভাৱে নির্ণায়ক আৰু সম্যভাৱে যুঁজিব লাগিব৷ লক্ষণীয় যে ক’ভিড–১৯ মহামাৰীয়ে বিশ্বৰ আর্থিক অৱস্থা অতি নিশকতীয়া কৰি তুলিছে বুলিও ‘হু’ৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰে৷

You might also like